NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না ৰোধত ব্যৰ্থ এই ৰাজ্যখনে পুনৰ ঘোষণা কৰিব পাৰে সম্পূৰ্ণ লকডাউন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 20, 2020 9:06 am

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বিপৰীতে দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰা কাৰ্যত চিন্তিত হৈ মণিপুৰ চৰকাৰে ৰাজ্যখনত পুনৰ এবাৰ লকডাউন ঘোষণা কৰাৰ চিন্তা-চৰ্চা কৰিছে।

সোমবাৰে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিঙে এই সন্দৰ্ভত জানিবলৈ দি কয় যে ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যজুৰি সম্পূৰ্ণ লকডাউনৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰি থকা হৈছে।

ৰাজ্যখনত বিগত কিছু দিনৰ পৰা ক’ৰ’নাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু এয়া চিন্তনীয় বুলি মুখ্য মন্ত্ৰী সিঙে মন্তব্য কৰে।

চৰকাৰে লকডাউন সন্দৰ্ভত অহা কেইদিনমানৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি এটা চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

মুখ্য মন্ত্ৰী সিঙে লগতে কয় যে চৰকাৰে সৰ্বাধিক আক্ৰান্ত হোৱা অঞ্চল সমূহ চিনাক্ত কৰিছে আৰু এই অঞ্চল সমূহতহে সম্পূৰ্ণ লকডাউন প্ৰযোজ্য হ’ব।

উল্লেখ্য যে ৰাজ্যখনত এই পৰ্যন্ত ক’ৰ’নাত আক্ৰান্ত হৈ ১১৭ গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীত ১১,৯১৩ গৰাকী সুস্থ হৈ উঠিছে।

আনহাতে ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩,৭৪৮ গৰাকী।

ইফালে যোৱা ২৪ ঘণ্টাত ১৭২ গৰাকী লোক ক’ভিডমুক্ত হৈছে। ৰাজ্যখনত আৰোগ্যৰ হাৰ হৈছে ৭৫.৫০ শতাংশ।