NORTHEAST NOW (Assamese)
অসম

অসম ছানি ধৰা এনকেফেলাইটিছ ভূতৰ ওপৰতে আৰম্ভ ছোৱাইন ফ্লু দানহ, এজনৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 7, 2019 5:14 pm
Assam records first case of swine flu death this year

দেওবাৰপৰ্য্যন্ত অসমত অৰ্ধশতাধিক লোকৰ প্ৰাণ লোৱা জাপানী এনকেফেলাইটিছৰ সন্ত্ৰাসৰ মাজতে ৰাজ্যত ঘটিছে ছোৱাইন ফ্লুত মৃত্যুৰ প্ৰথমটো ঘটনা।

ছোৱাইন ফ্লুত আক্ৰান্ত হৈ গুৱাহাটীৰ আমিনগাৱঁত থকা নাৰায়না চুপাৰস্পেচিয়েল্তি হস্পিটেলত এজন ৭৫ বছৰীয়া লোকৰ মৃত্যু ঘটিছে।

ভগৱান প্ৰসাদ নামৰ লোকজনৰ যোৱা বুধবাৰে পুৱা ৫ বজাতে মৃত্যু ঘটিছে যদিও খবৰটো দেওবাৰেহে প্ৰকাশ পাইছে।

প্ৰসাদ এইচ১এন১ত আক্ৰান্ত হোৱাটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ মাইক্ৰ’বায়’লজি বিভাগে নিশ্চিত কৰিছে।

বি টি এ দিৰ বাক্সা জিলাৰ তামুলপুৰৰ বাসিন্দা প্ৰসাদক প্ৰথমে ৰঙিয়াৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও পিছত উন্নত চিকিৎসাৰ বাবে নাৰায়না হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল।

লোকজনক গুৰুতৰ অৱস্থাত আমিনগাৱঁৰ হস্পিটেলখনত ভৰ্তি কৰোৱা হৈছিল।

খবৰ মতে, মঙলবাৰে নাৰায়না হস্পিতেলত ভৰ্ত্তি কৰোৱাৰ সময়ত লোকজন তীব্ৰ জ্বৰৰ লগতে অন্যান্য শাৰীৰিক জটিলতাত ভুগি আছিল।

বুধবাৰে শেহ নিশা তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যায় আৰু কিছু সময়ৰ পিছতে তেওঁৰ মৃত্যু ঘটে।

ছোৱাইন ফ্লুৰ বীজাণু গাহৰিৰ শ্বাস নলীত বিকাশিত হয় আৰু পিছত মানুহৰ গালৈয়ো সংক্ৰমিত হয়।

জাপানী এনকেফেলাইটিছৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া ঘোষণা কৰি অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভাগৰ সকলো চিকিৎসক-কৰ্মচাৰীৰ ছুটী বাতিল কৰিছে।