NORTHEAST NOW (Assamese)
দেশ

সকলো ৰাজ্যৰ ৭০% কুকুৰৰ বন্ধ্যাকৰণ আৰু টিকাকৰণ বাধ্যতামূলক! পথৰ কুকুৰক নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 25, 2025 3:44 pm

শেহতীয়াকৈ উচচতম ন্যায়ালয়ে অঘৰী কুকুৰ সম্পৰ্কে দিয়া ৰায়দানৰ ভিত্তিত এক বৃহৎ পদক্ষেপ লৈছে কেন্দ্ৰীয় চৰকাৰে। এতিয়াৰে পৰা দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কমেও ৭০% কুকুৰক বন্ধ্যাকৰণ আৰু টিকাকৰণ বাধ্যতামূলক কৰা হৈছে।

কেৱল সেয়াই নহয়, প্ৰতিখন ৰাজ্যই কেন্দ্ৰলৈ মাহেকীয়া অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিব লাগিব, যাতে এই নিৰ্দেশনা কাৰ্যকৰী কৰা হৈছে নে নাই সেয়া নিশ্চিত কৰিব পৰা যায়।

আগতে কেন্দ্ৰৰ ভূমিকা মূলতঃ পৰামৰ্শদাতা আছিল যদিও এই নিৰ্দেশনাৰ লগে লগে এতিয়া এই দায়িত্ব পোনপটীয়াকৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ওপৰত পৰিছে।

বন্ধ্যাকৰণ আৰু টিকাকৰণ সম্পূৰ্ণ হোৱাৰ পিছত কুকুৰবোৰক পুনৰ মূল স্থানলৈ এৰি দিব লাগিবএই কথা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশতো উল্লেখ কৰা হৈছে।

পশুপালন মন্ত্ৰালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰি এই নিৰ্দেশনা পালন নকৰিলে ইয়াৰ পৰিণামৰ সন্মুখীন হব লাগিব বুলি উল্লেখ কৰিছে।

ৰাজ্যসমূহক সহায় কৰিবলৈ কেন্দ্ৰই কিছু আৰ্থিক আবণ্টন ঘোষণা কৰিছে

১. প্ৰতিটো কুকুৰৰ নিউট্ৰেচন আৰু টিকাকৰণৰ বাবে ৰাজসাহায্যঃ ৮০০ টকা

২. প্ৰতিটো মেকুৰীৰ বাবে ৰাজসাহায্যঃ ৬০০ টকা

৩. ডাঙৰ চহৰত খাদ্য স্থান, জলাতংক নিয়ন্ত্ৰণ ইউনিট আৰু আশ্ৰয় শিবিৰ আধুনিকীকৰণৰ বাবে পৃথক পুঁজি

৪. সৰু আশ্ৰয় শিবিৰৰ বাবে ১৫ লাখ টকা পৰ্যন্ত, বৃহৎ আশ্ৰয় শিবিৰৰ বাবে ২৭ লাখ টকা পৰ্যন্ত সাহায্য

৫. পশু চিকিৎসালয় আৰু আশ্ৰয় শিবিৰৰ বাবে এককালীন অনুদানঃ ২ কোটি টকা

নতুন জন্ম নিয়ন্ত্ৰণ মডেল

পত্ৰখনত কেন্দ্ৰই কয় যে নতুন জন্ম নিয়ন্ত্ৰণ মডেলটো ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ পি) হিচাপে মানি চলিব লাগিব। ইয়াত থাকিব

১. নিৰ্দিষ্ট খাদ্য গ্ৰহণৰ অঞ্চল

২. ২৪ ঘণ্টীয়া হেল্পলাইন

৩. ডাঙৰ চহৰত ৰেবিজ নিয়ন্ত্ৰণ ইউনিট

এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে বিপথগামী কুকুৰৰ সংখ্যা নিয়ন্ত্ৰণ কৰা আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰা। নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত স্থানীয় বেচৰকাৰী সংস্থা আৰু আশা কৰ্মীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁলোকৰ সহযোগত কুকুৰ চিনাক্তকৰণ, মানৱীয়ভাৱে ধৰা, চিকিৎসা আৰু টিকাকৰণ, আৰু পুনৰ্বাসনৰ সমগ্ৰ প্ৰক্ৰিয়া নিশ্চিত হব।

সামগ্ৰিকভাৱে কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশনাই গৃহহীন জীৱ-জন্তুৰ সংখ্যা হ্ৰাস, জলাতংক প্ৰতিৰোধ, জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত এক ডাঙৰ ভূমিকা গ্ৰহণ কৰিব।