NORTHEAST NOW (Assamese)
অসম

অসমৰ বিজেপি চৰকাৰ ডিজিটেল মিডিয়াক ‘কণ্ঠৰুদ্ধ’ কৰিবলৈ উঠি পৰি লাগিছে কিয়?

Posted by: অনিৰ্বাণ ৰয় September 25, 2018 10:57 pm
Rajib-Prakash-Baruah-1140x570

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি সময়ত ভাৰতৰ প্ৰতিটো কোণকে ডিজিটেলি সবল কৰি তোলাটো নিশ্চিত কৰাৰ বাবে তেওঁৰ সৰ্বোচ্চ চেষ্টা কৰিছে, সেই সময়ত আশ্চৰ্য্যজনকভাৱে অসমৰ বিজেপি-নেতৃত্বাধীন চৰকাৰখনে ‘কণ্ঠ ৰোধ’ কৰিব খুজিছে ডিজিটেল মিডিয়াক।

বিভিন্ন অসুবিধা সত্বেও, অসমত ডিজিটেল মিডিয়াসমূহে মাত্ৰ গা কৰি উঠিবলৈ ধৰা মুহূৰ্ততে, ৰাজ্যৰ তথ্য আৰু জন সংযোগ বিভাগে ডিজিটেল সাংবাদিকসকলক স্বীকৃতি দিবলৈ চিধাচিধিকৈ অস্বীকাৰ কৰিছে।

ডি আই পি আৰ-ৰ এই স্বীকৃতি অসমৰ প্ৰত্যেক সাংবাদিকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ৰাজ্যৰ সচিবালয় আৰু আন উচ্চ নিৰাপত্তা এলেকাসমূহত চৰকাৰৰ এই স্বীকৃতি পত্ৰ অবিহনে প্ৰৱেশৰ অনুমতি দিয়া নহয়।

অসম প্ৰে’ছ স্বীকৃতি সমিতিয়ে যোৱা ২০ ছেপ্তেম্বৰত ১৬০ৰ ভিতৰত ২০ গৰাকীৰ নামত অনুমোদন জনাইছে। সভাখনত অধ্যক্ষতা কৰিছিল সমিতিখনৰ অধ্যক্ষ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণাই।

দুৰ্ভাগ্যজনকভাৱে অসম চৰকাৰৰ ফালৰ পৰা এজনো ডিজিটেল সাংবাদিকক স্বীকৃতি প্ৰদান কৰা হোৱা নাই। এতিয়া প্ৰে’ছ স্বীকৃতি পত্ৰ নোহোৱাৰ ফলত ‘ক্ষমতাৰ কৰিদৰ’ত নিষিদ্ধ হ’ব ডিজিটেল সাংবাদিকৰ আহ-যাহ।

ডিজিটেল মিডিয়াৰ স্বীকৃতি অস্বীকাৰ কৰি অসম চৰকাৰে কোনো বিভাগীয় বিবৃতি জাৰি কৰা নাই যদিও, তথ্য আৰু জন সম্পৰ্ক বিভাগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাই কৈছে যে সমিতিখনে আইন অনুসৰি কাম কৰিছে।

আশ্চৰ্য্যজনকভাৱে ডি আই পি আৰে এতিয়াও মৰকামোৰ মাৰি আছে আওপুৰণি আছাম প্ৰে’ছ কৰেছপ’ণ্ডেণ্টছ (এক্ৰিদিটে’শ্বন/ ৰিকাগনিশ্বন) বিধি, ১৯৮৯ত যি ইলেক্ট্ৰনিক আৰু ডিজিটেল মিডিয়াক সামৰি লোৱা নাই।

বিধিটো ইলেক্ট্ৰনিক মিডিয়াক লৈয়ো নিমাত যদিও, সমিতিয়ে কিন্তু ইলেক্ট্ৰনিক মিডিয়া, বিশেষকৈ ছেটেলাইট টিভিসমূহত কৰ্মৰত সাংবাদিকক স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু ১৯৮৯ চনত প্ৰস্তুত বিধিৰ দোহাই দি বাদ দিয়া হৈছে ডিজিটেল সাংবাদিকসকলক।

তাৰোপৰি ২৪ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা অসম বিধান সভাৰ শৰৎকালীন অধিৱেশনত সদনৰ কাৰ্য্যাৱলী পৰিৱেশনৰ বাবে ডিজিটেল সাংবাদিকসকলক প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই।

ডিজিটেল ইণ্ডিয়া বিষয়ত প্ৰধান মন্ত্ৰী মোদীৰ দৃষ্টিভংগিক অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদায় আওৰাই অহাৰ সময়ত ডিজিটেল সাংবাদিকক স্বীকৃতি আৰু ৰাজ্যৰ বিধান সভাত প্ৰৱেশ নিষিদ্ধ কৰাৰ এই দ্বৈত অধ্যায় অশ্চৰ্য্যজনক।

সোণোৱালে যোৱা ২৮ মাৰ্চত ঘোষণা কৰিছিল যে অসমৰ তথ্য বিভাগটোৰ পুনৰ গঠন কৰা হ’ব আৰু ডিজিটেল মিডিয়াৰ বাবে এটা নতুন সঞ্চালকালয় সৃষ্টি কৰা হ’ব। গণ মাধ্যমসমূহৰ পৰিৱৰ্তিত ধাৰাৰ সৈতে তাল মিলাই ইয়াক অধিক উৎপাদনশীল কৰি তোলাৰ বাবে মুখ্য মন্ত্ৰীয়ে তথ্য বিভাগটো পুনৰ গঠনৰ নিৰ্দেশ দিছিল।

অসমৰ তথ্য দপ্তৰৰো দায়িত্বত থকা মুখ্য মন্ত্ৰীয়ে নতুন ৰাজ্যিক বিজ্ঞাপন নীতি শীঘ্ৰে চূড়ান্ত কৰাৰ বাবেও নিৰ্দেশ দিছিল।

মুখ্য মন্ত্ৰীৰ নিৰ্দেশৰ ৬ মাহৰ পিছতো নতুন দিজিতেল সঞ্চালকালয় বা নতুন বিজ্ঞাপন নীতি কিয় প্ৰস্তুত নহ’ল সেইটো আচৰিত।

এইটো এই কাৰণে নেকি যে তথ্য আৰু জন সম্পৰ্কৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাৰ উদ্যমহীন মনোবৃত্তিৰ বাবেই সোণোৱালৰ দুয়োটা নিৰ্দেশেই যোৱা ৬ মাহত কাৰ্য্যকৰী হোৱা নাই?

নে, এইটো এটা কুশলগত পদক্ষেপ, আৰু কাৰ্য্যকাল বৃদ্ধিৰ বাবে বৰুৱাৰ আবেদনৰ সৈতে সম্পৰ্কিত? বিভাগীয় ৰেকৰ্ড অনুসৰি তেওঁ ৩০ ছেপ্তেম্বৰত অৱসৰ হ’ব লগীয়া আছে। ৰাজীৱ প্ৰকাশ বৰুৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মিডিয়া পৰামৰ্শদাতা হৃষীকেশ গোস্বামীৰ খুব ঘনিষ্ঠ।

গোস্বামী আকৌ হৰেন্দ্ৰ নাথ বৰুৱা স্মৃতি ন্যাসৰ সচিব। তথ্য আৰু জনসংযোগৰ সঞ্চালক হ’ল হৰেন্দ্ৰ নাথ বৰুৱাৰ পুত্ৰ।