NORTHEAST NOW (Assamese)
অসম

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ সভাপতি মিনাৰাম গগৈৰ মৃত্যুত শোক

Posted by: এন ই নাও নিউজ April 30, 2018 6:42 pm

দেওবাৰে সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ ডিব্ৰুগড় জিলাৰ সমিতিৰ সভাপতি মিনাৰাম গগৈৰ মৃত্যু হয়।

উল্লেখযোগ্য যে উচ্চ ৰক্তচাপজনিত ৰোগত ভূগি বিগত কেইবাদিনো ধৰি ডিব্ৰুগড়ৰ আদিত‍্য হস্পিতালত চিকিৎসাধীন হৈ থকা ডিব্ৰুগড়ৰ সৰবৰহী যুৱক আটাছু নেতাগৰাকীয়ে দেওবাৰে ঘৰলৈ ওভতাই নিয়াৰ পথত টেঙাখাটতে শেষ নিশ্বাস ত‍্যাগ কৰে।

আটাছু নেতাগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগেই তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লিতুল বুঢ়াগোহাঁই, মৰাণ মহকুমা সমিতিৰ সম্পাদক দেৱজিৎ গগৈৰ লগতে তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়া সকল তথা ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত সমূহ আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল মৃত মিনাৰাম গগৈৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

আনহাতে সোমবাৰে আটাছুৰ বৰপথাৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা এক বিবৃতিযোগে সমিতিখনৰ সভাপতি অমৃত গগৈয়ে সংগ্ৰামী নেতাগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁৰ পৰিয়াবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।