NORTHEAST NOW (Assamese)
অসম

জটিল ৰোগত বলিউড অভিনেতা সঞ্জয় দত্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 11, 2020 11:47 pm
Bollywood actor Sanjay Dutt diagnosed with lung cancer: Report

বলিউড অভিনেতা সঞ্জয় দতৰ হাওঁফাওঁৰ কেন্সাৰ ধৰা পৰিছে আৰু চিকিৎসাৰ বাবে অতি সোনকালে তেওঁ এমেৰিকালৈ যাব, বাতৰিত প্ৰকাশ

৬১ বছৰীয়া অভিনেতাজনে নিজে এই কথা এতিয়ালৈকে অৱগত কৰা নাই যদিও চিকিৎসাৰ বাবে কিছুদিনৰ বিৰতি লোৱাৰ কথা টুইটাৰত প্ৰকাশ কৰিছে।

তেওঁ শুভাকাংক্ষীসকলক উদ্বিগ্ন নহ’বলৈ অপ্ৰয়োজনীয়ভাৱে অনুমান নকৰিবলৈ আহ্বান জনাইছে।

উশাহ লোৱাত অসুবিধা পোৱাৰ বাবে যোৱা শনিবাৰে সন্ধিয়া দতক মুম্বাইৰ লীলাৱতী হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল।

চিকিৎসালয়খনত ক’ভিড১৯ পৰীক্ষাত অভিনেতাজনক নিগেটিভ পোৱা গৈছিল।