NORTHEAST NOW (Assamese)
অসম

অসমত ২৬৬৯ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৫.১২%

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 11, 2020 11:15 pm
2579 persons test Covid19 positive in Assam on Tuesday

২৬৬৯গৰাকী ব্যক্তি অসমত মঙলবাৰলৈকে যোৱা ২৪ ঘণ্টাত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

এইসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৩৯৯, ডিব্ৰুগড়ৰ ২৫৯, কাৰ্বি আংলঙৰ ১৮৯ আৰু তিনিচুকীয়াৰ ১৮১গৰাকী ব্যক্তি।

টেষ্টৰ তুলনাত অসমত ক’ভিড পজিটিভৰ হাৰ যোৱা কিছুদিনৰ তুলনাত সামান্য বৃদ্ধি পাইছে।

যোৱা ২৪ ঘণ্টাত অসমত মুঠ ৫২,০৬২টা ক’ভিড টেষ্ট সম্পন্ন হৈছে। পজিটিভৰ হাৰ ৫.১২ শতাংশ।

নতুনকৈ চিনাক্ত আক্ৰান্তসকলক ধৰি অসমত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ২০,৬৬২লৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

ইপিনে আৰু চাৰিগৰাকী ক’ভিড ৰোগীৰ মৃত্যুৰ সৈতে অসমত মঙলবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ১৫৫লৈ বৃদ্ধি পাইছে।

বিপৰীতে ৪৩,৫৮৬গৰাকী ব্যক্তি অসমত এতিয়ালৈকে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা মুকলি হৈছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৬৪,৪০৬ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।