NORTHEAST NOW (Assamese)
অসম

ইউক্ৰেইনৰ প্ৰত্যাঘাত! ৰাছিয়াৰ দুটা অঞ্চলত ড্ৰ’ন আক্ৰমণ; ভয়ংকৰ বিস্ফোৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 28, 2023 1:23 pm

শনিবাৰে পশ্চিম ৰাছিয়াৰ দুটা অঞ্চলত ড্ৰ’ন আক্ৰমণ সংঘটিত হয়। দেশৰ পেস্কোভ আৰু টিভাৰ অঞ্চলত সংঘটিত হয় এই আক্ৰমণ। ইয়াৰ ভিতৰত পেস্কোভ অঞ্চলৰ এটা তেল শোধনাগাৰৰ ভৱনত দুটাকৈ ড্ৰোন আক্ৰমণৰ ফলত মাৰাত্মক বিস্ফোৰণ ঘটে।

পেস্কোভ অঞ্চলৰ গৱৰ্ণৰ মিখাইল ভেডেনিকোভে এক টেলিগ্ৰাম বাৰ্তাত কয় যে পাইপলাইনৰ মাজেৰে তেল কঢ়িয়াই অনা কোম্পানী এটাৰ প্ৰশাসনিক ভৱনত ড্ৰ’নেৰে আক্ৰমণ চলোৱা হৈছে।

লগতে পঢ়ক: গুজৰাট মডেল! মাধ্যমিক বোৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত ১৫৭খন বিদ্যালয়ৰ সকলো শিক্ষাৰ্থীয়ে ফেইল

নেভাৰস্কি জিলাৰ লিটভিনোভ’ অঞ্চলৰ তৈলক্ষেত্ৰত সংঘটিত হয় এই দুটা ড্ৰ’ন আক্ৰমণৰ ঘটনা।

এক সুকীয়া বিবৃতিত টিভেৰ অঞ্চলৰ গৱৰ্ণৰ ইগ’ৰ ৰুডেনিয়াই কয় যে এনয়াড্ৰিয়ানোপলস্কি জিলাৰ য়েৰ’খিনো গাঁৱৰ ওচৰত এখন ড্ৰ’ন বিধ্বস্ত হয়।

দুয়োটা অঞ্চলৰ ৰাজ্যপালে কোনো ধৰণৰ হতাহতিৰ খবৰ দিয়া নাই। এই আক্ৰমণত ইউক্ৰেইনৰ সেনা জড়িত বুলি ৰাছিয়াই দাবী কৰিছে।

লগতে পঢ়ক: লাইভ ষ্ট্ৰীমিংত একেৰাহে ৭ বটল ‘চাইনা ভ’ডকা’ পান! প্ৰাণ গ’ল ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰৰ

শেহতীয়াকৈ ইউক্ৰেইনৰ বাহিনীয়ে ৰাছিয়াৰ দুটা বিদ্ৰোহী গোটৰ সৈতে সীমান্তৰ দুখন ৰাছিয়াৰ গাঁৱত আক্ৰমণ চলাইছে। কিন্তু ৰাছিয়াই লগে লগে প্রত্যাক্রমণ চলাই  মস্কো বিৰোধী বিদ্ৰোহী গোটৰ ৭০জনক হত্যা কৰে।