NORTHEAST NOW (Assamese)
অসম

মালিংগা, ষ্টাৰ্কক অতিক্ৰমি বুমৰাহক চুপাৰ অভাৰৰ বাবে বাচনি কৰিলে এইগৰাকী ক্ৰিকেটাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 12, 2020 6:55 am
Bumrah

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ ধাৰাভাষ্যকাৰ আকাশ চোপ্ৰাই চুপাৰ অভাৰত বলিং কৰাৰ বাবে ভাৰতীয় তাৰকা বেগী বলাৰ জাচপ্ৰীত বুমৰাহক নিৰ্বাচন কৰিছে।

সুনীল নাৰায়নি, ৰাচিদ খান, মিচেল ষ্টাৰ্ক আৰু লাচিত মালিংগাৰ ভিতৰত আকাশ চোপ্ৰাই বুমৰাহক চুপাৰ অভাৰত বলিং কৰাৰ বাবে বাচনি কৰে।

”ষ্টাৰ্কে অভাৰত এটা বাউণ্ডেৰী কোবোৱা বল দিলেও শ্লোৱাৰ আৰু য়ৰ্কাৰৰ লগতে ব্যতিক্ৰমী শৈলীৰ বলিং একশ্যনৰ বাবে বুমৰাহ এগৰাকী কঠিন বলাৰ বেটছমেনৰ বাবে,” আকাশ চোপ্ৰাই লগতে কয়।

উল্লেখযোগ্য যে, পাকিস্তানৰ প্ৰাক্তন তাৰকা বেগী বলাৰ চোৱেইব আখতাৰে বুমৰাহৰ ব্যক্তিক্ৰমী বলিং একশ্যনৰ বাবে বলাৰ গৰাকীৰ কেৰিয়াৰ দীঘলীয়া নহ’ব বুলি উল্লেখ কৰিছিল।

ছেপ্তেম্বৰৰ পৰা য়ু এ ইত অনুষ্ঠিত হ’বলগীয়া আই পি এলত বুমৰাহে মুম্বাই ইণ্ডিয়ানছৰ হৈ বিশেষ ভূমিকা পালন কৰিব।