NORTHEAST NOW (Assamese)
অসম

প্ৰদেশ কংগ্ৰেছৰ অনুশাসন কমিটিৰ বৈঠকত অনুপস্থিত ৰমেন বৰঠাকুৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 7, 2019 5:50 pm
প্ৰদেশ কংগ্ৰেছৰ অনুশাসন কমিটিৰ বৈঠকত অনুপস্থিত ৰমেন বৰঠাকুৰ

দেওবাৰে দুপৰীয়া ৰাজীৱ ভৱনত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অনুশাসন কমিটিৰ বৈঠকত উপস্থিত নাথাকিল প্ৰদেশ কংগ্ৰেছৰ নিলম্বিত সাধাৰণ সম্পাদক ও ৰাজ্যিক মুখপাত্ৰ ৰমেন বৰঠাকুৰ।

যোৱা ২৫ জুনৰ দিনা এক হোৱাটছএপ বাৰ্তাৰ জৰিয়তে বৰঠাকুৰক উপস্থিত হ’বলৈ কোৱা হৈছিল, য’ত বৰঠাকুৰক প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বুলি কোৱা হৈছিল। তাৰ পাছতে আজি পুৱা এক পত্ৰযোগে উক্ত বৈঠকত উপস্থিত নাথাকে বুলি অনুশাসন কমিটিলৈ বৰঠাকুৰে পত্ৰ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে, যোৱা ১৫ জুনৰ বৰ্ধিত কাৰ্য্য নিৰ্বাহক বৈঠকত ৰমেন বৰঠাকুৰ আৰু গৌতম ৰয়ক দল বিৰোধী কাৰ্য্যকলাপত লিপ্ত থকাৰ অভিযোগত প্ৰদেশ কংগ্ৰেছে দলৰ পৰা নিলম্বন কৰিছিল। তাৰ পাছতে দলৰ সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে সৰব হৈ পৰিছিল নিলম্বিত নেতা ৰমেন বৰঠাকুৰ।

আনহাতে, নৰ্থ-ইষ্ট নাওৰ সাংবাদিকে বৰঠাকুৰ বৈঠকত উপস্থিত নথকাৰ কাৰণ জানিব বিচৰাত বৰঠাকুৰে কয় ‘মোক যদি নিলম্বন কৰা হ’লেই তেন্তে উক্ত কমিটিয়ে পতা বৈঠকলৈ কিয় যাব লাগে? নিলম্বন কৰাৰ পাছত কেতিয়াও বিচাৰ নহয়।‘

তদুপৰি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা তেওঁলৈ কোনোধৰণৰ নিলম্বন পত্ৰ দিয়া নাই বুলি আমাৰ সাংবাদিকৰ আগত তেওঁ প্ৰকাশ কৰে।

বৰঠাকুৰে কয় ‘মোক officially প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা নিলম্বনৰ কোনো কাগজ দিয়া হোৱা নাই। গতিকে মই ভাবো দলৰ পৰা নিলম্বন হোৱা নাই। সেয়েহে মই আজি দিয়া চিঠিখনত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ও ৰাজ্যিক মুখপাত্ৰ বুলি উল্লেখ কৰিছো। তেওঁলোকে দিয়া নিমন্ত্ৰণী বাৰ্তাটো ‘নিলম্বিত’ শব্দটো লিখা নাই।‘

আনহাতে, ৰিপুন বৰাই নিজক বচাবৰ বাবেহে সংবাদ মাধ্যমৰ আগত ৰমেন বৰঠাকুৰ আৰু গৌতম ৰয়ক নিলম্বন কৰা বুলি কৈছিল বুলি অভিযোগ কৰে বৰঠাকুৰে।

‘মই বুজা-বুজি কৰিবলৈ কংগ্ৰেছ কৰা নাই। মই কংগ্ৰেছক শুদ্ধ কৰিবৰ বাবেহে কাম কৰি আছো। তেওঁলোকে কাম কৰি সংবিধান পঢ়িছে। মই সংবিধান পঢ়ি কাম কৰিছো।‘ বৰঠাকুৰে কয়।

ইপিনে, ‘যোৱা ৪ জুলাইৰ দিনা ৰিপুন বৰাই মোৰ বিৰুদ্ধে মানহানি গোচৰ দিম বুলি কৈছিল, বৰ্তমানলৈকে কোনো গোচৰ দিয়া নাই কিয়?’ এইদৰে প্ৰশ্ন কৰি বৰঠাকুৰে লগতে কয় ‘মোৰ যিকেইটা অভিযোগ ৰিপুন বৰাৰ বিৰুদ্ধে আছিল, সেই কেইটা দলৰ ফালৰ পৰা অস্বীকাৰ কৰা নহ’ল। যদি ৰিপুন বৰাক দলৰ মানুহে ইমানেই ভাল পায় তেন্তে দলৰ মানুহে বৰাৰ অভিযোগৰ কথা অস্বীকাৰ কৰিব লাগিছিল।‘

অৱশ্যে, উক্ত বৈঠকত কি আলোচনা হ’ল, সেই সন্দৰ্ভত জানিবলৈ কমিটিৰ অধ্যক্ষ ৰকিবুল হুছেইনক যোগাযোগ কৰা হৈছিল যদিও তেওঁৰ সৈতে সংযোগ স্থাপন কৰিব পৰা নহ’ল।