NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত সদৌ অসম কৈৱৰ্ত ছাত্ৰ সন্থাৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক বিশেষ অভিনন্দন

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ July 7, 2019 4:39 pm

আজি শিৱসাগৰত সদৌ অসম কৈৱৰ্ত ছাত্ৰ সন্থা (আকাইছু) ৰ উদ্যোগত আৰু শিৱসাগৰ জিলা অনুসূচীত জাতি মহিলা সমিতিৰ সহযোগত কৃতী ছাত্ৰ-ছাত্ৰীৰ এক বিশেষ অভিনন্দ অনুষ্ঠান অনুষ্ঠিত হয়। শিৱসাগৰৰ নাট্য মন্দিৰত অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা  ৬০ গৰাকী কৈৱৰ্ত জনজাতিৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা হয়।

পুৱা বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অভিনন্দন অনুষ্ঠানত অনুসুচীত জাতি জনজাতি কৰ্মচাৰী কল্যান সমিতি অ’ এন জি চিৰ সাধাৰণ সম্পাদক জগত হাজৰিকা, নাজিৰা পৌৰসভাৰ পৌৰপতি দিলীপ হাজৰিকা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সভাপতি পদ্মকান্ত দাস, অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী অধীক্ষক অমৃত দাসৰ লগতে সমাজকৰ্মী মিণ্টু দাস, পাৰুল দেৱী দাস, দম্বীৰাম পাংগিং, চিকন দাসকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

আনহাতে অনুষ্ঠানটোত কালুগাঁৱৰ সতী ৰাধিকা নাট্য গোষ্ঠীয়ে সতী ৰাধিকা নাট মঞ্চস্থ কৰে। শিৱসাগৰ জিলা উপায়ুক্ত এছ লক্ষ্মণনে উদ্ধোধন কৰা সতী ৰাধিকা নাটখনি প্ৰযোজনা কৰে বিজয় ৰবি কাশ্যপে। পৰিচালনা কৰে প্ৰাঞ্জল হাজৰিকা আৰু টুনিৰাম হাজৰিকাই। বিভিন্ন চৰিত্ৰত অভিনয় কৰে দিশা দাস, কল্পনা দাস, শিখামণি দাস, শিক্ষামণি দাস, নিজু দাস, গীতাঞ্জলী দাস, পপী দাস, পুতলী দাস আৰু নিভা দাসে।