NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ কবিতা- ৰাম

Posted by: হৰেকৃষ্ণ ডেকা Updated by: হৰেকৃষ্ণ ডেকা January 22, 2024 3:12 pm

ৰাম

 

আপোনাৰ ৰাম আৰু বাপুৰ ৰাম

যদি একেজন হয়,

মই বাপুৰ ৰামক ৰাম বুলি ক’ম

আৰু আপোনাৰ ৰামক আপোনৰাম বুলি ক’ম।

বাপুৰ ৰাম হৃদয়ত থাকে

আৰু মৰ্যাদা-পুৰুষোত্তম হৈ বিৰাজ ক’ৰে।

আপোনৰাম ওঁঠেৰে বাগৰে আৰু

যন্ত্ৰেৰে ৰজন-জনাই যায়।

আপোনৰাম আপোনাৰ পতাকা হয়।

মছনদৰ খুটি গধুৰ কৰিবলৈ অৰ্চিত হয়।

কেতিয়াবা যদি আপোনৰাম ওঁঠত থাকোঁতে

মছনদৰ খুটি ল’ৰি যায়,

সেই খুটি মজবুত কৰিবলৈ আপোনৰামৰ

আশীষ আপুনি নাপায়।

তেওঁ ওঁঠত গধুৰ, নামিব নোৱাৰে।

 

বাপুৰ ৰামে ৰহিমৰ সতে’

হৃদয়ে হৃদয়ে বাগৰি যায়।

 

——-