NORTHEAST NOW (Assamese)
অসম

অনিয়ম! দেশৰ ৩টা ৰাষ্ট্ৰীয়কৃত বেংকৰ ওপৰত মোটা অংকৰ জৰিমনা বিহিলে ৰিজাৰ্ভ বেংকে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 25, 2023 12:07 pm

দেশৰ শীৰ্ষ ৫ টা ৰাষ্ট্ৰীয়কৃত বেংকৰ ভিতৰত অন্যতম বেংক অৱ বৰোদা। ভাৰতীয় ৰিজাৰ্ভ বেংকে সেই বেংকৰ ওপৰত মোটা অংকৰ জৰিমনা বিহিছে। ইয়াৰ উপৰিও চিটিবেংক আৰু ইণ্ডিয়ান অভাৰচিজ বেংকৰ বিৰুদ্ধেও বৃহৎ পৰিমাণৰ জৰিমনা বিহা হৈছে। আৰ বি আইয়ে বেংক তিনিটাৰ ওপৰত মুঠ ১০.৩৪ কোটি টকাৰ জৰিমনা বিহিছে।

আৰ বি আইৰ সূত্ৰ অনুসৰি ৰিজাৰ্ভ বেংকে নিয়ন্ত্ৰক ক্ষমতা ব্যৱহাৰ কৰি তিনিটা বেংকক জৰিমনা বিহিছে। ৰিজাৰ্ভ বেংকে ৰেগুলেটৰী পাৱাৰছ এক্ট-১৯৪৯ৰ ২৬এ ধাৰা অনুসৰি বেংক অৱ বৰোদা, চিটি বেংক আৰু ইণ্ডিয়ান অভাৰচিজ বেংকক বৃহৎ জৰিমনা বিহিছে। কোন বেংকক কিমান জৰিমনা বিহা হৈছে আৰু কিয় জৰিমনা বিহা হৈছে জানি লওক।

চিটি বেংকক ৫ কোটি টকা জৰিমনা

চিটিবেংকৰ বিৰুদ্ধে আটাইতকৈ বেছি জৰিমনা আৰোপ কৰিছে আৰ বি আইয়ে। বেংকিং সেৱাৰ আউটচ’ৰ্চিঙৰ ক্ষেত্ৰত কিছু অনিয়মৰ বাবে কেন্দ্ৰীয় বেংকটোৱে ৫ কোটি টকাৰ জৰিমনা বিহিছে।

বেংক অৱ বৰোদাক ৪.৩৪ কোটি টকা জৰিমনা

চৰকাৰী খণ্ডৰ বেংক অৱ বৰোদাক ৪.৩৪ কোটি টকাৰ জৰিমনা আৰোপ কৰিছে আৰ বি আইয়ে। চেন্ট্ৰেল ডিপজিটৰী আৰু অন্যান্য ক্ষেত্ৰত চৰ্ত আৰু নিয়ম উলংঘা কৰাৰ বাবে এই শাস্তি আৰোপ কৰা হয়।

ইণ্ডিয়ান অভাৰচিজ বেংকক ১ কোটি টকা জৰিমনা

ৰিজাৰ্ভ বেংকৰ ঋণ প্ৰদানৰ নিয়ম উলংঘা কৰাৰ বাবে ইণ্ডিয়ান অভাৰচিজ বেংকক ১ কোটি টকাৰ জৰিমনা বিহিছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ সকলো ধৰণৰ বাণিজ্যিক বেংক, সমবায় বেংক, পেমেণ্ট বেংক আৰু নন-বেংকিং ফাইনেন্স বেংক নিয়ন্ত্ৰণ কৰে। লগতে সকলো বেংকৰ কাৰ্য্যকলাপ সাধাৰণভাৱে পৰ্যালোচনা কৰে। গ্ৰাহকৰ সুৰক্ষা আৰু সুবিধাও RBI য়ে চোৱাচিতা কৰে।