NORTHEAST NOW (Assamese)
অসম

২৬ নবেম্বৰত মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’ব সংবিধান দিৱস

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 25, 2023 11:47 am

প্ৰতি বছৰে ২৬ নৱেম্বৰৰ দিনটো আমাৰ দেশত সংবিধান দিৱস হিচাপে পালন কৰা হয়। এইবাৰ সংবিধান দিৱস উপলক্ষে ভাৰত জোড়ো অভিযান, অসম আৰু অসম নাগৰিক সমাজৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ চেমিনাৰ হলত আবেলি ৩ বজাত  এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে।

এই সভাখনত সম্প্ৰতি ভাৰতৰ সংবিধান আৰু গণতন্ত্ৰলৈ  অহা ভাবুকি আৰু প্ৰত্যাহ্বানবোৰৰ বিষয়ে আলোচনা কৰা হ’ব। 

সভাত বক্তা হিচাপে অংশগ্ৰহণ কৰিব প্ৰখ্যাত কবি আৰু প্ৰাক্তন আৰক্ষী প্ৰধান, শ্ৰীহৰেকৃষ্ণ ডেকা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, শ্ৰীশান্তনু বৰঠাকুৰ আৰু আই আই টি গুৱাহাটীৰ মানৱশাস্ত্ৰ বিভাগৰ সহকাৰী অধ্যাপিকা, ডঃ বসুন্ধৰা জয়ৰাথে।

আলোচনাটি মুকলি কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্বনামধন্য অধিবক্তা শ্ৰী অনিল কুমাৰ ভট্টাচাৰ্যই। 

সভাখনত সভাপতিত্ব কৰিব ৰাজ্যসভাৰ সাংসদ আৰু অসম নাগৰিক সমাজৰ সভাপতি, শ্ৰীঅজিত কুমাৰ ভূঞাই। ৰাজহুৱা সভাখনত উপস্থিত থাকিব ভালেমান বিশিষ্ট ব্যক্তি ।