NORTHEAST NOW (Assamese)
অসম

অৰুণোদয় সাহিত্য চৰাৰ সাহিত্য বৈঠক সম্পন্ন

Posted by: মুৰলী বৰুৱা, নগাঁও Updated by: মুৰলী বৰুৱা, নগাঁও October 10, 2021 9:00 pm
Arunodaya Sahitya Chara Literary Meeting executed

মধ্য অসমৰ ভাষা-সাহিত্য-সংস্কৃতি চৰ্চা আৰু অনুশীলনৰ মুকলি মঞ্চ অৰুণোদয় সাহিত্য চৰ্চাৰ সাহিত্য বৈঠকখনি দেওবাৰে সম্পন্ন হয়।

ক’ৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা সাহিত্য পাঠৰ মাহেকীয়া বৈঠকখন ১০ অক্টোৱৰৰ পৰা আৰম্ভ হয়। সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে আঁতধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সভাপতিত্ব কৰে মৃদুপৱন বৰাই।

এই সভাতে নগাঁৱৰ লেখিকা জোনাকী বৰ্মন বৰাৰ শেহতীয়া গ্ৰন্থ “কৰ’ণা কালৰ কথকতা” উন্মোচন কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি, বিশিষ্ট কবি পৰান কুমাৰ বৰুৱাই।

গ্ৰন্থ উন্মোচন কৰি বিশিষ্ট সাহিত্যিক গৰাকীয়ে কয় “কৰ’ণা সম্পৰ্কীয় প্ৰথমখন ২২৪ পৃষ্ঠাৰ অসমীয়া গ্ৰন্থ ৰচনা কৰিছিল অৰুণোদয় সাহিত্য চ’ৰাৰে প্ৰতিষ্ঠাপক সম্পাদক সাংবাদিক সাহিত্যিক মুৰুলী বৰুৱাই। যিখন গ্ৰন্থ কৰ’ণা কালত অসমীয়া সাহিত্যত এখন আপুৰুগীয়া গ্ৰন্থ হৈ ৰ’ব।”
সাহিত্যিক গৰাকীয়ে লগতে কয় “কৰ’ণাই মানৱজাতিক বিভিন্ন ক্ষেত্ৰত বিপয্যস্ত কৰিলেও তাৰ ইতিবাচক দিশটোও আমি আওকাণ কৰিলে নহব। বিশেষকৈ জীৱন সম্পৰ্কে মানুহৰ ধাৰণা সলনি হ’ল। একাংশ শিল্পী সাহিত্যিকে ঘৰতে বহি সৃষ্টি কৰিলে নতুন নতুন সৃষ্টি।”

শিল্পী পৰাণ চন্দ্ৰ দাসৰ বাঁহীৰ সুৰ আৰু গীতাঞ্জলী দেৱীৰ বৰগীত পৰিবেশনেৰে আৰম্ভ হোৱা সাহিত্য পাঠৰ অনুষ্ঠানত কবিতা পাঠ কৰে অনুকোঁৱৰ সিংহ, তৰুন চন্দ্ৰ দাস, দিপালী বৰদলৈ, বিকাশ হাজৰিকা, ৰাতুল দাস, মহেন্দ্ৰ হাজৰিকা, বেলা মোদী, বিউটি দেৱী বৰা, বিজন পাটৰ, জয়ন্তী বৰাই।

ইয়াৰোপৰি এটি সময়োপযোগী প্ৰৱন্ধ পাঠ কৰে মুৰুলী বৰুৱা আৰু এটি ৰস ৰচনা পাঠ কৰে ৰাহুল দেৱ বৰদলৈয়ে। সাহিত্য পাঠ অনুষ্ঠানত সমিক্ষকৰ আসন গ্ৰহন কৰে আবুল হুছেইনে।

অনুষ্ঠানত চ’ৰাৰ প্ৰাক্তন সভাপতি ভৱেশ মেধি, লেখিকা কাৰুণ্য ভট্টাচাৰ্য, স্মৃতা কলিতা, স্বপনা কলিতা, ভাষ্কৰজ্যোতি দাস, কল্পনা হাজৰিকাকে ধৰি শতাধিক সাহিত্যপ্ৰেমী উপস্থিত থাকে।

এই অনুষ্ঠানতে অৰুণোদয় সাহিত্য চ’ৰাৰ আজীৱন সভ্য পদ গ্ৰহণ কৰা তৰুণ চন্দ্ৰ দাস আৰু বিউটি দেৱী বৰাক আনুষ্ঠানিক ভাৱে স্বীকৃতি পত্র প্ৰদান কৰা হয়।