NORTHEAST NOW (Assamese)
অসম

আধুনিক বোকাখাতৰ নিৰ্মাতা জনসুহৃদ চিদানন্দ শইকীয়াৰ ১০১ সংখ্যক জন্মদিৱস উদযাপন

Posted by: উত্তম শইকীয়া ,বোকাখাত Updated by: উত্তম শইকীয়া ,বোকাখাত October 10, 2021 9:01 pm

গোলাঘাট জিলা সাহিত্য সভা আৰু বোকাখাতৰ পুৱতি সাহিত্য সভাৰ উদ্যোগত আজি বোকাখাতত আধুনিক বোকাখাতৰ নিৰ্মাতা জনসুহৃদ চিদানন্দ শইকীয়াৰ ১০১ সংখ্যক জন্মদিৱস উদযাপন কৰা হয় ৷

স্থানীয় পুৱতি সাহিত্য সভা ভৱনত আয়োজিত দিন জোৰা এই দিৱসৰ পুৱা পতাকা উত্তোলন কৰে পুৱতি সাহিত্য সভাৰ সভাপতি অপুৰ্ব বৰদলৈয়ে ৷ মাল্য তৰ্পণ কৰে প্ৰাক্তন সভাপতি কল্পনা চেতিয়াই ৷

বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণৰ পিচতে পৰৱৰ্তী সময়ত অপুৰ্ব বৰদলৈৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মুকলি সভা আনুষ্ঠানিক ভাৱে উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক তথা পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভৱেশ শইকীয়াই ৷

অনুষ্ঠানত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য দিগন্ত ভুঞা, গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক বন্তি বৰা, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত আৰু লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈ, পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কল্পনা চেতিয়া, জনসুহৃদ চিদানন্দ শইকীয়া ন্যাস পৰিচালনা সমিতিৰ সভাপতি গোপিকানন্দ শইকীয়া, প্ৰাক্তন সভাপতি ক্ৰমে মনোৰঞ্জন সেন , সুৰেন্দ্ৰ নাথ গগৈ , নিজৰা বৰঠাকুৰ আৰু বোকাখাত জিলা চুতীয়া জাতি সন্মিলনৰ সম্পাদক প্ৰশান্ত শইকীয়া উপস্থিত থাকে ৷

মুকলি সভাতে চিদানন্দ শইকীয়াৰ দ্বাৰা ৰচিত সত্যাগ্ৰহী নামৰ গ্ৰন্থৰ ড৹ বিভা বৰাই কৰা ইংৰাজী অনুবাদ গ্ৰন্থ, গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী তথা চিদানন্দ শইকীয়াৰ সহধৰ্মিনী অন্নদা শইকীয়াৰ প্ৰেৰণাময়ী, সেৱাব্ৰতা অন্নদা শইকীয়াৰ ৰচনাৱলী আৰু ,ড৹ বাবুলাল মোৰৰ কাব্যগ্ৰন্থ মোৰ প্ৰেম মোৰ কবিতা উন্মোচন কৰা হয় ৷

উন্মোচন কৰে ক্ৰমে জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, সুৱৰ্ণ শইকীয়া বৰদলৈ আৰু দিগন্ত ভুঞাই ৷

অনুষ্ঠানত চিদানন্দ শইকীয়াৰ জীৱন আৰু সাহিত্য কৰ্মক লৈ আয়োজিত ৰচনা প্ৰতিযোগিতাৰো বঁটা বিতৰণ কৰা হয় ৷

পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতাই আঁত ধৰা এই অনুষ্ঠানতে জনসুহৃদ চিদানন্দ শইকীয়া সাহিত্য বঁটা ড৹ বিভা বৰাক প্ৰদান কৰা হয় ৷

বিয়লিলৈ চিদানন্দ শইকীয়া স্মৃতি উদ্যানত বন্তি প্ৰজ্বলনেৰে দিনজোৰা কাৰ্যসূচীৰ সামৰণি হয় ৷