NORTHEAST NOW (Assamese)
অসম

সাংবাদিক-কেমেৰা দেখি ‘অপৰাধী’ৰ দৰে দৌৰি পলাল মন্ত্ৰী ফণীভূষণ

Posted by: এন ই নাও নিউজ June 1, 2018 8:04 pm
Not Prafulla Mahanta, AGP's leader is Atul Bora: declares Assam minister Phanibhushan

অসম চৰকাৰৰ আজিৰ কেবিনেট বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬-ৰ প্ৰসংগটোত অগপৰ মন্ত্ৰীকেইজনে ৰাইজৰ আশাৰ বিপৰীতে গৈ লজ্জাজনক নীৰৱ ভূমিকা লোৱাৰ পিছত সংবাদমাধ্যমৰ অস্বস্তিকৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ সাহস গোটাব নোৱাৰিলে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। ফলত সাংবাদিক আৰু কেমেৰা দেখি দৌৰি পলাল মন্ত্ৰীজন। অৱশ্যে এয়া মন্ত্ৰীজনৰ অপৰাধবোধ নে লজ্জাবোধ জনা নগ’ল।

উল্লেখযোগ্য যে আজি কেবিনেট বৈঠকত অগপৰ তিনিজনকৈ মন্ত্ৰী ক্ৰমে- অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী উপস্থিত আছিল। কিন্তু বিধেয়কখন সন্দৰ্ভত এজনেও একো এটা কথাই নুলিয়ালে বুলি জানিব পৰা গৈছে। অথচ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ কেবিনেট বৈঠক দাবী কৰি আহিছিল বিজেপিৰ মিত্ৰ তথা চৰকাৰৰ অংশীদাৰ দলটোৱে।

মন কৰিব লগীয়া কথাটো হ’ল কালি, অৰ্থাৎ বৈঠকখনৰ মাত্ৰ এদিন পূৰ্বে সংবাদমেল দি দলটোৱে কেবিনেট বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথাটো উত্থাপন কৰিব বুলিও কৈছিল।

মন কৰিব লগীয়া যে বিধেয়কখনৰ বিৰুদ্ধে সমগ্ৰ অসমত সৃষ্টি হোৱা গণ-বিৰোধ তথা গণ-আন্দোলনত নিজকে চামিল কৰি ইয়াৰ ৰাজনৈতিক লাভ আদায়ৰ চেষ্টা কৰা অগপ দলটোৰ এই দুমুখীয়া স্থিতিক লৈ এতিয়া সকলোকে সৰৱ হৈ পৰা দেখা গৈছে।