NORTHEAST NOW (Assamese)
অসম

বৰ্তমান স্বাস্থ্য সুস্থিৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ, জনালে চিকিৎসালয় কৰ্তৃপক্ষই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 14, 2021 8:11 am
Manmohan Singh

বুধবাৰে সন্ধিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা মনমোহন সিঙৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সংকটমুক্ত, চিকিৎসালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিছে এই কথা।

“৮৯ বছৰীয়া কংগ্ৰেছ নেতাজনক জ্বৰৰ বাবে দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল; তেওঁৰ অৱস্থা বৰ্তমান সন্তোষজনক।” এইমছৰ বিষয়াসকলে কয়।

জ্বৰ আৰু দুৰ্বলতাৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক কালি সন্ধিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

তেওঁক ৰাষ্ট্ৰীয় ৰাজধানীৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান(AIIMS)ত ভৰ্তি কৰোৱা হৈছিল।

সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ যোগাযোগৰ ভাৰপ্ৰাপ্ত সচিব প্ৰণৱ ঝাই কয় যে ড০ সিঙে নিয়মীয়া চিকিৎসা কৰি আছে আৰু তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ হৈ আছে। লগতে তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী জনৰ স্বাস্থ্যসম্পৰ্কীয় ভিত্তিহীন উৰাবাতৰিবোৰ নাকচ কৰে।

উল্লেখ্য যে, এই বছৰৰ আৰম্ভণিতে কংগ্ৰেছৰ ৮৯ বছৰীয়া প্ৰবীণ নেতা তথা ৰাজ্যসভাৰ সাংসদগৰাকীক ক’ভিদ সংক্ৰমণৰ দ্বিতীয় ঢৌৰ সময়ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।