হঠাৎ পট পৰিৱৰ্তন! তামুলপুৰত ৰাজনৈতিক নাটক!

উপ নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্ততে ৰাজনৈতিক ধুমুহা বলিছে তামুলপুৰ সমষ্টিত। হঠাতে পট পৰিৱৰ্তন ঘটিছে ৰাজনৈতিক পৰিঘটনাৰ।
নিৰ্দলীয় ভাৱে প্ৰতিদ্বন্দীতা কৰিবলৈ আগবঢ়া ইমানুৱেল মুছাহাৰীয়ে প্ৰত্যাহাৰ কৰিছে মনোনয়ন।
মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ লগতে বিজেপি দলৰ পৰাও পদত্যাগ কৰিছে মুছাহাৰীয়ে।
পদত্যাগৰ কথা ঘোষণা কৰি বিজেপিৰ ৰাজ্যিক সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ইমানুৱেল মুছাহাৰীয়ে।
নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত মুছাহাৰীৰ এই সিদ্ধান্তই এক চমক সৃষ্টি কৰিছে।