NORTHEAST NOW (Assamese)
অসম

ডেংগুত আক্ৰান্ত হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 16, 2021 3:39 pm
Manmohan Singh

প্ৰাক্তন প্ৰধানমন্ত্ৰী মানমোহন সিঙৰ শৰীৰত ডেংগু ৰোগ ধৰা পৰিছে বুলি সদৰী কৰিছে এইমছৰ চিকিৎসা বিষয়াই।

অৱশ্যে চিকিৎসালয় কৰ্তৃপক্ষই তেওঁৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমান্বয়ে উন্নত হৈছে আৰু বিপদমুক্ত হৈছে বুলি জানিবলৈ দিয়ে।

এইমছৰ এজন বিষয়াৰ মতে, প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্লেটলেট বৃদ্ধি পাইছে আৰু তেওঁ এতিয়া বিপদমুক্ত।

প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ নীতিশ নায়কৰ নিৰ্দেশনাত চিকিৎসকৰ এটা দলে অহৰ্নিশে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ চিকিৎসা কৰিছে।

উল্লেখ্য যে কংগ্ৰেছৰ জেষ্ঠ নেতাজনে তিনিদিন পূৰ্বে জ্বৰত আক্ৰান্ত হৈছিল আৰু দুৰ্বল অনুভৱ কৰিছিল। সেয়ে তেওঁক ততাতৈয়াকৈ এইমছত ভৰ্তি কৰোৱা হৈছিল।

চলিত বৰ্ষৰ এপ্ৰিল মাহতো ক’ভিদ মহামাৰীৰ দ্বিতীয় ঢৌৰ সময়ত মনমোহন সিঙৰ শৰীৰত কৰ’ণা সংক্ৰমণৰ বাবে এইমছত ভৰ্তি কৰোৱা হৈছিল।