NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

উত্তৰ-পূবৰ সাংসদলৈ সকীয়নি ম্যানমাৰৰ: বিবাদিত উপত্যকা ঘূৰাই অনাৰ দাবীয়ে আঘাত কৰিব দুই দেশৰ দ্বিপাক্ষিক সম্পৰ্কত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 18, 2025 11:02 am
উত্তৰ-পূবৰ সাংসদলৈ সকীয়নি ম্যানমাৰৰ: বিবাদিত উপত্যকা ঘূৰাই অনাৰ দাবীয়ে আঘাত কৰিব দুই দেশৰ দ্বিপাক্ষিক সম্পৰ্কত

শেহতীয়াকৈ মিজোৰাম আৰু মণিপুৰৰ সাংসদসকলবক্তব্যক লৈ ম্যানমাৰৰ সামৰিক শাসনে অসন্তুষ্টি প্ৰকাশ কৰিছ। এনে মন্তব্যই দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কত আঘাত কৰিব পাৰে বুলি সকীয়াই দিছে দেশ খনে।

১০ মাৰ্চত ৰাজ্যসভাত মণিপুৰৰ সাংসদ সনাজাওবা লেইচেম্বাই দিয়া পৰামৰ্শৰ পিছতে এই বিতৰ্কৰ সৃষ্টি হয়। লেইচেম্বাই ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি আৰু ১৮৩৪ চনৰ কাবাৱ উপত্যকা চুক্তি অনুসৰি ম্যানমাৰৰ কাবাৱ উপত্যকা মণিপুৰলৈ ঘূৰাই অনা বা ভাৰতক ক্ষতিপূৰণ প্ৰদান কৰাৰ আহ্বান জনাযছিল। তেওঁ দাবী কৰে যে ২২,২১০ বৰ্গ কিলোমিটাৰ উপত্যকাটো ১৪৫০ চনৰ পৰা মণিপুৰৰ “অবিচ্ছেদ্য অংগ” আছিল যদিও ১৯৫৩ চনৰ ৩ মাৰ্চত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে বাৰ্মাক (বৰ্তমান ম্যানমাৰ) “উপহাৰ” দিছিল।

১৩ মাৰ্চত ম্যানমাৰৰ সামৰিক মুখপাত্ৰ মেজৰ জেনেৰেল জ’ মিন টুনে সকীয়াই দিছিল যে বিদেশী ৰাজনীতিবিদসকলে ম্যানমাৰৰ সাৰ্বভৌমত্ব আৰু দ্বিপাক্ষিক সম্পৰ্কৰ সম্ভাৱ্য ক্ষতি কৰিব পৰা উদ্দেশ্য প্ৰণোদিত কাৰ্য্যৰ পৰা বিৰত থাকিব লাগে। তেওঁ ম্যানমাৰৰ সাৰ্বভৌমত্বক সন্মান জনোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ইয়াৰ উপৰিও মিজোৰামৰ ৰাজ্যসভাৰ সদস্য কে. ভানলালভেনাই ম্যানমাৰৰ চিন জনসাধাৰণক ভাৰতত যোগদান কৰিবলৈ আহ্বান জনাইছিল, বিভাজিত কৰাহোৱা জাতিগত সম্পৰ্কৰ কথা উল্লেখ কৰিছিল

সাংসদ দুগৰাকীৰ এই মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ম্যানমাৰৰ  চৰকাৰে দাবী কৰিছে যে ৰাজনৈতিক উদ্দেশ্যৰ দ্বাৰা প্ৰেৰিত হৈ তেওঁলোকে এনে মন্তব্য কৰিছে।