NORTHEAST NOW (Assamese)
অসম

কোকেইন খাই বৃদ্ধাৰ ওপৰত জঁপিয়াই পৰিল পোহনীয়া পিটবুল! হিংস্ৰ আক্ৰমণত মৃত্যু মহিলাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 18, 2025 11:25 am

হিংসাত্মক পিটবুলক কোকেইন খুওৱাই নিচা কৰোৱা হয়। অৱশেষত এগৰাকী ৭৩ বছৰীয়া মহিলাক কামুৰি হত্যা কৰে এহাল দম্পতীৰ পোহনীয়া নিচাসক্ত দুটা ভয়ংকৰ কুকুৰে। আমেৰিকাৰ অহিঅ’ত সংঘটিত হৈছে এই ঘটনা।

জোয়ান ইচেলবাৰ্গাৰ নামৰ বৃদ্ধাগৰাকীয়ে নিজৰ বাৰীত থকা গছবোৰৰ যত্ন লৈ আছিল। অলপ দূৰৈৰ হুইল চেয়াৰত বহি আছিল তেওঁৰ অসুস্থ স্বামী। হঠাৎ এডাম আৰু চুজান উইথাৰ্ছ নামৰ দম্পতীহালৰ কুকুৰ দুটা আহি মহিলাগৰাকীৰ ওপৰত জঁপিয়াই পৰিল। সিঁহতে তেওঁক কামুৰি ছিন্ন ভিন্ন কৰে।

জোয়ানৰ থিতাতে মৃত্যু হয়। ডিমেনচিয়া ৰোগত আক্ৰান্ত আৰু হুইল চেয়াৰত আবদ্ধ হৈ থকা স্বামীয়ে অসহায় হৈ দৃশ্যটো চাই থাকিল। আৰক্ষী আহি কুকুৰ দুটাক গুলীয়াই হত্যা কৰিবলৈ বাধ্য হয়।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো এটা কুকুৰে প্ৰতিশোধ ল’বলৈ খেদি আহে। গুলীচালনাত নিহত হয় কুকুৰ দুটা।

আমেৰিকাৰ সংবাদ মাধ্যমৰ মতে, টক্সিক’লজী পৰীক্ষাৰ অন্তত কুকুৰ দুটাৰ পেটত কোকেইনৰ নমুনা পোৱা গৈছে। পৰীক্ষাৰ অন্তত আৰক্ষীয়ে নিশ্চিত কৰে যে আক্ৰমণৰ সময়ত কুকুৰকেইটাৰ শৰীৰত কোকেইন আছিল। পোহনীয়া পিটবুলে আক্ৰমণ কৰাৰ পিছত উইথাৰ্ছৰ দম্পতীৰ বিৰুদ্ধে অনাকাংক্ষিত হত্যাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ডগ ৱাৰ্ডেন আৰু অভিযুক্ত দম্পতীহাল বাস কৰা কনডোমিনিয়াম কমপ্লেক্সৰ বিৰুদ্ধে মৃতকৰ পৰিয়ালে গোচৰ তৰিছে।

অভিযোগ অনুসৰি এইটো প্ৰথম ঘটনা নহয়। ইতিমধ্যে কুকুৰ দুটাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল। দম্পতীহালে যত বাস কৰে তাৰ ঘৰৰ মালিকবোৰৰ সংস্থাই পিটবুল আঁতৰাবলৈ কৈছিল। এজন ন্যায়াধীশেও কুকুৰকেইটা আঁতৰোৱাৰ নিৰ্দেশ দিছিল।

২০২৩ চনৰ অক্টোবৰ মাহত এটা পিটবুলে আন এজন বাসিন্দাৰ এটা কুকুৰ পোৱালিক আক্ৰমণ কৰি হত্যা কৰিছিল। সেই ঘটনাৰ পিছতে পিটবুলটোক বিপজ্জনক বুলি লেবেল লগোৱা হৈছিল। আইনী হস্তক্ষেপৰ পিছতো কুকুৰকেইটা কমপ্লেক্সটোতে আছে, যাৰ ফলত বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি হয়।

এই গোচৰত ২৫ হাজাৰ ডলাৰতকৈ অধিক ক্ষতিপূৰণ দাবী কৰা হৈছে। লগতে বিচাৰৰ সময়ত অতিৰিক্ত শাস্তিমূলক ক্ষতিপূৰণো নিৰ্ধাৰণ কৰা হ’ব বুলিও জানিব পৰা গৈছে।