NORTHEAST NOW (Assamese)
অসম

Covid-19 Update: দেশত এমাহৰ পিছত ১লাখৰ তললৈ নামিল কৰ’নাৰ দৈনিক সংক্ৰমণ; নিম্নগামী পজিটিভিটিৰ হাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 7, 2022 11:31 am
Covid-vaccination-2-1

দেশত সুদীৰ্ঘ এমাহৰ পিছত কোভিড-১৯ৰ দৈনিক সংক্ৰমণ ১লাখৰ তললৈ নামিছে আৰু পজিটিভিটিৰ হাৰো নিম্নগামী হৈছে অৱশ্যে মৃত্যুৰ হাৰে এতিয়াও স্বস্তি আনিব পৰা নাই।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত বিগত ২৪ ঘণ্টাত ৮৩হাজাৰ ৮৭৬ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।

দেশত এই মুহূৰ্তত পজিটিভিটিৰ হাৰ ৭.২৫ শতাংশলৈ হ্ৰাস পাইছে ।

আনহাতে, যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৮৯৫গৰাকী।

লগতে পঢ়ক: সুৰ সম্ৰাজ্ঞীৰ অন্তিম যাত্ৰাৰ এখন ভাইৰেল ছবিয়ে তুলি ধৰিলে ‘ভাৰতীয়তা’ৰ প্ৰতিফলন!

দেশত কালান্তক কোভিডে প্ৰাণ হৰি নিয়া মুঠ লোকৰ সংখ্যা হৈছে ৫লাখ হাজাৰ ৮৭৪গৰাকী

আজিৰ তাৰিখত দেশত সক্ৰিয় কোভিড ৰোগীৰ হৈছে ১লাখ হাজাৰ ৯৩৮গৰাকী।

বিগত ২৪ঘন্টাত দেশত কোভিডৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে লাখ ৯৯হাজাৰ ৪গৰাকী। সুস্থতাৰ হাৰ হৈছে ৯.১৯ শতাংশ।

দেশত এতিয়ালৈকে মুঠ কোভিড মুক্ত লোকৰ সংখ্যা হৈছে হৈছে ৪কোটি ৬৬ লাখ  ০২গৰাকী।

লগতে পঢ়ক:বেটে-বলে উজলিল টীম ইণ্ডিয়া; ৰোহিতৰ নেতৃত্বত প্ৰথম এদিনীয়াত ৬ উইকেটত হৰুৱালে ৱেষ্ট ইণ্ডিজক

দেশজুৰি কোভিড টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে প্ৰদান কৰা সামগ্ৰিক পালিৰ সংখ্যাই ১৬কোটি ৬৩ লাখ ৮০হাজাৰ ৭৫৫ পালি স্পৰ্শ কৰিছে

আনহাতে, বিগত ২৪ ঘন্টাত দেশত মুঠ ১লাখ ৫৬হাজাৰ ৩৬৩ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছে।