NORTHEAST NOW (Assamese)
Popular Stories

অগপত মোক্ষম আঘাত; দল এৰিলে বিধায়ক পবীন্দ্ৰ ডেকাই

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 15, 2020 11:37 am

অসম গণ পৰিষদ ত্যাগ কৰিলে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবীন্দ্ৰ ডেকাই।

আজি বিধায়কজনে এখন সংবাদমেল সম্বোধন কৰি দল ত্যাগ কৰাৰ কথা ঘোষণা কৰে।

অগপই আঞ্চলিকতাবাদী চৰিত্ৰ একেবাৰে হেৰুৱাই পেলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে বিধায়কজনে।

নাগৰিকত্ব সংশোধনী বিধেয়কখন পূৰ্বৰে পৰা বিৰোধিতা কৰি আহি সংসদৰ মজিয়াত অগপ সাংসদে এইখনৰ সমৰ্থনত ভোট দিয়াটোৱে অগপৰ স্বৰূপ উদঙাই দিলে বুলি মন্তব্য কৰে ডেকাই।

অগপ এতিয়া প্ৰাইভেট লিমিটেড কোম্পানি বুলি কটাক্ষ কৰি বিধায়কজনে কয়, ‘অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষন চৌধুৰীৰ যি নিৰ্দেশনা বা নীতি সেই নীতিয়ে এতিয়া সকলোৱে মানি ল’ব লাগিব’।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰবল বিৰোধিতা কৰাৰ বাবেই ডেকা দলৰ মজিয়াত এবছৰ ধৰি এলাগী হৈ আছিল বুলি তেওঁ অভিযোগ তোলে।

অৱশ্যে এতিয়াই তেওঁ বিধায়ক পদ নেৰে বুলি উল্লেখ কৰি ডেকাই কয় যে প্ৰয়োজন সাপেক্ষে সমষ্টিবাসীৰ সৈতে আলোচনা কৰি তেওঁ বিধায়ক পদ এৰিব।

ইপিনে, তেওঁ অসম জাতীয় পৰিষদ চমুকৈ এজেপিত যোগদান কৰাৰ কথা চৰ্চা চলি আছিল যদিও তেওঁ এই কথা নুই নকৰি দুই এদিনতে ৰাইজক অৱগত কৰিব বুলি কয়।

আনহাতে, এই সংবাদমেলতে বিধায়ক ডেকাই দাবী কৰি কয় যে অগপৰ আৰু তিনিগৰাকী জ্যেষ্ঠ বিধায়কে দল ত্যাগ কৰিব।

এক সূত্ৰই জনোৱা অনুসৰি ১৬ ডিচেম্বৰৰ পৰা দুদিনীয়াকৈ শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া এজেপিৰ জাতীয় অভিৱৰ্তনতে লুৰীণজ্যোতি গগৈৰ লগত একেলগে তেওঁ যোগদান কৰিব।