NORTHEAST NOW (Assamese)
ছিকিম

‘যুৱ যাত্ৰা’ শীৰ্ষক ছিকিম ভ্ৰমণ দলটোৰ নেতৃত্বত বাইছুং ভূটীয়া

Posted by: এন ই নাও নিউজ March 19, 2018 5:49 pm
team yuba yatra

ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইছুং ভূটীয়াৰ নেতৃত্বত চিকিমৰ দহজন যুৱকে আজিৰ পৰা আৰম্ভ কৰিছে ‘যুৱ যাত্ৰা’ শীৰ্ষক ছিকিম ভ্ৰমণ।

বাইছুং ভূটীয়াৰ নেতৃত্বত যোৱা এই দহজনীয়া ‘যুৱ যাত্ৰা’ৰ দলটোত আছে ডি এছ লিম্বো, ছেৰিং ৱাংছুক লেপছা, নৱীন কিশোৰ চেত্ৰী, ফুৰ্বা দৰ্জী টামাং, গুৰু প্ৰসাদ লুইটেল, জ্ঞাল্টসেন লেপছা, কেডাৰ নাথ তিৱাৰী, যোগেন ৰায় আৰু ফুৰ্বা ছেৰিং ভূটীয়া।

ৰাজ্যখনৰ জনসাধাৰণৰ লগত তেওঁলোকৰ অভাব-অভিযোগ, আশা-আকাংক্ষা, মতামত আৰু উন্নয়ন সম্পৰ্কত মত বিনিময় কৰাৰ উদ্দেশ্যে এই দহজনীয়া দলটোৱে সমগ্ৰ ছিকিম ভ্ৰমণ কৰিব বুলি বাইছুং ভূটীয়াই উল্লেখ কৰে।

স্মৰ্তব্য যে বাইছুং ভূটীয়াৰ জন্মস্থান দক্ষিণ ছিকিমৰ টিনকিটাম গাঁৱৰ পৰাই এই ভ্ৰমণসূচী আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

‘আমি ছিকিমৰ চাৰিওখন জিলাই ভ্ৰমণ কৰিম। ৰাজ্যখনৰ জনসাধাৰণৰ পৰা নতুন নতুন ধাৰণা আৰু আশীৰ্বাদ লোৱাৰ উদ্দেশ্যে এই যাত্ৰাৰ আয়োজন কৰা হৈছে। আমি সকলো পৰ্যায়ৰ লোক সকলৰ মতামত জনাৰ উদ্দেশ্যে এই যাত্ৰা তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰিম। সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে মত বিনিময় যাত্ৰাটো অতিকৈ গুৰুত্বপূৰ্ণ’, বাইছুং ভূটীয়াই এনেদৰে মত ব্যক্ত কৰে।

ইয়াৰ উপৰি বাইছুং ভূটীয়াই কয়- ‘মই গৃহ ৰাজ্য ছিকিমৰ জনসাধাৰণৰ বাবে সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ৰাজনীতিত প্ৰৱেশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো’।

উল্লেখ্য যে বাইছুং ভূটীয়াই ইতিমধ্যে তৃণমূল কংগ্ৰেছ আৰু পশ্চিম বংগৰ ৰাজনীতিৰ পৰা অব্যাহতি লৈ ছিকিমৰ জনসাধাৰণৰ হৈ সেৱা আগবঢ়োৱাৰ কথা উল্লেখ কৰিছিল। এই উদ্দেশ্যে তেওঁ বিভিন্ন দল-সংগঠনৰ লগতে ছিকিমৰ জনসাধাৰণৰ লগতো আলোচনাত মিলিত হোৱা দেখা গৈছে।