NORTHEAST NOW (Assamese)
অসম

যোৰহাটৰ ছোৱালী হ’ষ্টেলৰ সন্মুখত যৌনাংগ প্ৰদৰ্শন, কেমেৰাত আবদ্ধ কেবাজনো যুৱকৰ ছবি

Posted by: এন ই নাও নিউজ May 13, 2018 11:34 pm
boy masturbates in front of girls hostel in jorhat

যোৰহাট ( Jorhat ) চহৰৰ তৰাজানৰ চোলাধৰা পথৰ দুটা ছোৱালী হ’ষ্টেলৰ সন্মুখত দীৰ্ঘদিনধৰি কিছুমান যুৱকে নিজৰ যৌনাংগ প্ৰদৰ্শন কৰি অহাৰ এক ঘটনা পোহৰলৈ আহিছে।

যোৱা দুমাহত হ’ষ্টেল দুটাৰ সম্মুখত দিনৰ ভাগত হস্তমৈথুন কৰি থকা তিনিজন যুৱকৰ ছবি আৰু ভিডিঅ’ কেমেৰাত ৰেকৰ্ড হৈছে।

ঘটনাটো সন্দৰ্ভত এচ এফ আই (Students’ Federation of India)ৰ যোৰহাট জিলাৰ সম্পাদক অমৰ কলিতাই আজি ১৩ মে’ত যোৰহাট আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।

SFI jorhat

ছাত্ৰ নেতাজনে জনোৱা মতে ‘হ’ষ্টেলৰ ছোৱালীবিলাকে নিজৰ পৰিচয় গোপনে ৰাখিবৰ বাবে তেওঁলোকৰ এগৰাকী বন্ধুৰ হতুৱাই এই ভিডিঅ’সমূহ ফে’ছবুকত দিয়ে।’ অমৰে জনাই ‘অভিনৱ ভৰালী নামৰ উক্ত বন্ধুজনো আমাৰ এচ এফ আইৰে সদস্য আৰু তেওঁ আমাক ভিডিঅ’সমূহ দেখুৱালে।’

নিজৰ ফে’ছবুকৰ প’ষ্টৰ যোগেদি অভিনৱে সকলোকে যিমান পাৰি এই প’ষ্টটো শ্বেয়েৰ কৰিবলে আহ্বান জনাইছে যাতে অভিযুক্ত যুৱক কেইজনক চিনাক্ত কৰিব পৰা যায়।

‘ছোৱালীবোৰেনো কিয় পুলিচক নজনালে, বাইকৰ নম্বৰনো কেলে লিখি নাৰাখিলে’ আদি ধৰণৰ অবাঞ্চিত প্ৰশ্ন নকৰিবলৈও প’ষ্টটোত লগতে অনুৰোধ কৰা হৈছে।

‘কিছুমান বিশেষ কাৰণত এই পোষ্টটো দিবলগীয়া হ’ল। বহু দিনৰ আগৰ পৰা কিছুমান কথা শুনি আছিলোঁ, যে ছোৱালীবোৰ বহু সময়ত বহু ক’ব নোৱাৰা ধৰণৰ কিছুমান ঘটনাৰ মুখামুখি হয়। আজি নিজে দেখিহে বুজিব পাৰিছোঁ কেনেকুৱা এক বেয়া অৱস্থা হ’ব পাৰে সেইটো’ বুলি যুৱকজনে উল্লেখ কৰিছে।

যোৱা দুবছৰ পূৰ্বে যোৰহাটত হোৱা ছাত্ৰী নিৰ্যাতনৰ ৰাজ্য জোকাৰি যোৱা ঘটনাৰ উল্লেখ কৰি যুৱকজনে ‘ঘটনাৰ দুবছৰ পাৰ নহওঁতেই পুনৰ এনেকুৱা ঘটনাৰ পুনৰাবৃত্তিয়ে যোৰহাটৰ প্ৰশাসন ব্যৱস্থাৰ দুৰ্বলতাকে সূচাইছে নেকি? নে এই ব্যৱস্থা নিৰ্মূলৰ বাবে কিবা দীৰ্ঘম্যাদী পদক্ষেপৰ অভাৱ?’ বুলি প্ৰশ্ন তুলিছে।

অভিনৱে প’ষ্টটোত লগতে উল্লেখ কৰিছে যে ‘তৃতীয় ভিডিঅ’টো অলপ আগত আহি পৰিছে। খবৰ পাই মোৰ লগৰ কেইজনমান হাতত লাঠি ইত্যাদি লৈ সেইখিনি ঠাই পোৱালৈ সেই লম্পটটো পলাই পত্ৰং দিলে।’

এজন আৰক্ষী বিষয়াই জনায় ‘ঘটনাটো বহুদিন ধৰি ঘটি আছিল। ভাল হৈছে যে এতিয়া অভিযোগ দাখিল হৈছে। ল’ৰাকেইটাক ধৰিবলে আমি চেষ্টা কৰি আছো আৰু খুব সোনকালেই আটক কৰিব পাৰিম বুলি আশা কৰিছো।’