NORTHEAST NOW (Assamese)
অসম

যোৰহাট মেডিকেল কলেজত নাৰ্ছৰ কৰ্মবিৰতিৰ ফলত ৰোগীৰ মৃত্যুৰ অভিযোগ

Posted by: স্মিতা ভাট্টাচাৰ্য July 6, 2018 11:15 pm

আজি যোৰহাট মেডিকেল কলেজত নাৰ্ছ সকলে কৰ্মবিৰতিৰে কৰা প্ৰতিবাদৰ মাজতে এজন ৰোগীয়ে অক্সিজেনৰ অভাৱত মৃত্যুক আঁকোৱালি লয়। নাৰ্ছসকলৰ অৱহেলাৰ বাবেই আজি ৰোগীজনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হৈছে।

উল্লেখযোগ্য যে আজি যোৰহাট মেডিকেলত মৃত্যুক আঁকোৱালি লোৱা ৰোগী জনৰ উপযুক্ত সময়ত অক্সিজেনৰ চিলিণ্ডাৰ নসলোৱাৰ বাবেই ৰোগীজনে মৃত্যুক আঁকোৱালি লয়।

মন কৰিব লগীয়া যে ৰোগীজনৰ পৰিয়ালৰ লোকে নাৰ্ছ সকল কৰ্মবিৰতি স্থলীত গৈ নাৰ্ছ সকলক ৰোগী গৰাকীক চাবলৈ অনুৰোধ জনাইছিল যদিও নাৰ্ছসকল অচল হৈ থাকে।

উল্লেখযোগ্য যে ৪ জুলাইত যোৰহাট মেডিকেল কলেজত স্বাস্থ্য মন্ত্ৰীৰ উপস্থিতিত লোৱা এটা কাৰ্য্যসূচীৰ সময়ত অতিৰিক্ত অধীক্ষকৰ দ্বাৰা কেইবাগৰাকী জ্যেষ্ঠা নাৰ্ছক দুৰ্ব্যৱহাৰ কৰা হৈছিল বুলি অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত আজি মেডিকেল কলেজ হস্পিটেলখনৰ নাৰ্ছসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল।