NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট অভিনেতা গুণ মহন্তৰ পৰলোকপ্ৰাপ্তিত মুখ্য মন্ত্ৰী শোক প্ৰকাশ

Posted by: এন ই নাও নিউজ August 27, 2018 5:41 pm
CM condoles demise of Guna Mahanta

বিশিষ্ট অভিনেতা গুণ মহন্তৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উল্লেখযোগ্য যে আজি হৃদ ৰোগত আক্ৰান্ত হৈ নগাঁৱৰ এখন ব্যক্তিগত নাৰ্চিং হোমলৈ নি থকাৰ পথতে অভিনেতা গৰাকীয়ে মৃত্যুক আঁ‌কোৱালি লয়।

এক শোকবাৰ্তাত সোণোৱালে কয় যে জীৱনকালত প্ৰয়াত গুণ মহন্তই ৰাজ্যখনৰ অভিনয় জগতলৈ যি অৱদান আগবঢ়াই গ’ল সেয়া অসমবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিব। প্ৰায় ৫০ খনৰো অধিক ধাৰাবাহিক আৰু চলচ্চিত্ৰত অভিনয় কৰা প্ৰয়াত মহন্তই তেওঁৰ সাৱলীল অভিনয়ৰে দৰ্শক-শ্ৰোতাৰ মনৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ মৃত্যু আমাৰ সমাজ আৰু সাংস্কৃতিক জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

সোণোৱালে বিশিষ্ট অভিনেতা গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে।