NORTHEAST NOW (Assamese)
অসম

কোৰবানি ঈদত গো-হত্যাত নিষেধাজ্ঞা ৰাজ্য চৰকাৰৰ

Posted by: কল্পজোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজোতি শইকীয়া, গুৱাহাটী July 8, 2022 5:13 pm
Eid

কোৰবানি ঈদক লৈ কঠোৰ নিৰ্দেশনা আগবঢ়াইছে ৰাজ্য চৰকাৰে। আজি ৰাজ্য চৰকাৰে এক নিৰ্দেশনা যোগে ঈদত গো হত্যাত নিষেধাজ্ঞা জাৰি কৰিছে।

অবৈধভাৱে জীৱ-জন্তুৰ হত্যা কৰিলে কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে।

ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি গৰু, উটকে ধৰি অন্য জীৱ জন্তুৰ বলি দিব নোৱাৰিব কোৰবানি ঈদত।

প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধিক্ষকলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰিছে গৃহ বিভাগে।

গৃহবিভাগৰ যুটীয়া সচিব কে. কে. শৰ্মাৰ স্বাক্ষৰ সম্বলিত এই নিৰ্দেশনাত ঈদৰ সময়ত গৰু সৰবৰাহৰ ক্ষেত্ৰতো কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছে।

অবৈধভাৱে গৰু সৰবৰাহ কৰিলে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি নিৰ্দেশনা যোগে সকীয়াই দিয়া হৈছে।