NORTHEAST NOW (Assamese)

যোৰাবাটত দুৰ্ঘটনা, এজন নিহত

November 27, 2017 8:13 am · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
যোৰাবাটত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন।

যোৰাবাটৰ ১৩ মাইলত আজি পুৱাই সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। এখন মালভৰ্তি দ্ৰুতবেগী ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে এজন লোক নিহত হয়। বৰ্তমান সময় পৰ্যন্ত চিনাক্ত হোৱা নাই লোকজন। জানিব পৰা মতে সোণাপুৰ অভিমুখে গৈ আছিল ট্ৰাকখন।

Related News