NORTHEAST NOW (Assamese)
অসম

যৌতুকৰ লোভতে পশুৰূপী স্বামীয়ে নৃশংসভাৱে হত্যা কৰিলে পত্নী-পুত্ৰক

Posted by: এন ই নাও নিউজ March 3, 2018 6:14 pm
স্বামীয়ে

ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰায়ে যৌতুকজিনত কাৰণত বহু বিবাহিত মহিলাই প্ৰাণ হেৰুৱাব লগীয়া হৈ অহাৰ সময়তে হাইলাকান্দি জিলাৰ কুশিলাগাঁৱত এজন পশুৰূপী, নিষ্ঠুৰ স্বামীয়ে যৌতুকৰ লোভত নিজ পত্নী আৰু পুত্ৰক হত্যা কৰাৰ এটা ঘটনা পোহৰলৈ আহিছে।

প্ৰাপ্ত তথ্য মতে হাইলাকান্দি জিলাৰ কুশিলাগাঁৱৰ অনিমা গোৱালা আৰু অনিমাৰ ডেৰ বছৰীয়া পুত্ৰ ২৬ ফেব্ৰুৱাৰিৰ পৰা সন্ধানহীন হৈ আছিল।

সন্ধানহীন হোৱাৰ পিছত অনিমাৰ পিতৃ-মাতৃৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই অনিমা আৰু তেওঁৰ পুত্ৰৰ মৃতদেহ বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰিছিল।

ইফালে অনিমাৰ পৰিয়ালৰ লোকে এজাহাৰত অনিমাৰ স্বামী সূত্ৰশ্বেখৰ গোৱালাই তেওঁৰ ভাতৃ আৰু পিতৃ-মাতৃৰ সৈতে লগ হৈ যৌতুকজনিত কাৰণত ষড়যন্ত্ৰ কৰি অনিমা আৰু  অনিমাৰ পুত্ৰক হত্যা কৰা বুলি উল্লেখ কৰে।

তাৰোপৰি ভুক্তভোগীৰ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে বিয়াৰ পাছৰে পৰা স্বামীঘৰৰ পৰিয়ালৰ লোকে অনিমাৰ ওপৰত যৌতুকৰ দাবীত শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল।

আনহাতে অনিমাৰ শহুৰেকৰ ঘৰৰ লোকেই হাতীগাঁৱৰ কুশিলাগাঁৱৰ ঘৰৰ পৰাই অনিমা আৰু তেওঁৰ পুত্ৰ সন্ধানহীন হোৱা বুলি খবৰ দিছিল। পিছত আৰক্ষীয়ে তেওঁলোকৰ ঘৰৰ চৌহদতে অনিমা আৰু অনিমাৰ পুত্ৰৰ মৃতদেহ বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰিছিল।

উল্লেখযোগ্য যে অভিযুক্ত সূত্ৰশ্বেখর গোৱালা, তেওঁৰ ভাতৃ চন্দন গোৱালা, চন্দ্ৰশ্বেখর গোৱালা আৰু তেওঁলোকৰ পিতৃ-মাতৃ বৰ্তমান আত্মগোপন কৰি থকা বুলি জানিব পৰা গৈছে।

অৱশ্যে আৰক্ষীয়ে ঘটনা সম্পৰ্কত অনুসন্ধান অব্যাহত ৰাখিছে।