NORTHEAST NOW (Assamese)
অসম

লংকাত ঘৈণীয়েকক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিব খোজা গিৰীয়েকক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ July 24, 2018 8:11 pm
arrested-680x365

লংকাৰ দক্ষিণ কান্দুৰাত আজি স্বামীয়ে পত্নীক কাঠৰ টুকুৰাৰে মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাই অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে আজি লংকাৰ দক্ষিণ কান্দুৰাত কৃপাময় নাথ নামৰ লোকজনে নিজৰ পত্নী তৃপ্তি নাথক সোমবাৰে নিশা কাঠৰ টুকুৰাৰে মৰিয়াই মৰিয়াই হত্যা কৰে। আৰু হত্যা কৰাৰ পিছত ঘৰৰ কাষৰ এটা পুখুৰীত মৃতদেহটো পেলাই আজি পুৱা কৃপাময় নাথে ঘটনাটো আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল।

কিন্তু আজি পুৱা স্থানীয় ৰাইজে পুখুৰীত তৃপ্তিৰ মৃতদেহ প্ৰত্যক্ষ কৰাত কৃপাময়ৰ ওপৰত স্থানীয় ৰাইজৰ সন্দেহ ওপজে আৰু ঘটনা সম্পৰ্কত লংকা আৰক্ষীক খবৰ দিয়ে।

আনহাতে আৰক্ষীয়ে ঘটনা সম্পৰ্কত জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মহিলাগৰাকীৰ স্বামী কৃপাময় নাথকো আটক কৰে।

বৰ্তমান লংকা আৰক্ষীৰ জিন্মাত থকা কৃপাময় নাথে হত্যাকাণ্ডটো নিজে সংঘটিত কৰা বুলি আৰক্ষীৰ আগত স্বাকীৰোক্তি প্ৰদান কৰিছে।