NORTHEAST NOW (Assamese)
অসম

লখিমপুৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বোৱা শিঙৰা নদীৰ দিশ সলনিৰ চেষ্টা প্ৰশাসনৰ

Posted by: এন ই নাও নিউজ July 2, 2018 5:44 pm

ৰাজ্যৰ বিভিন্ন প্ৰান্ত বাৰিষাৰ বানে তাণ্ডৱ চলাই থকাৰ সমান্তৰালভাৱে লখিমপুৰ জিলাতেো শিঙৰা নদীৰ সংহাৰী বানে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। নদীখনৰ এই বিধ্বংসী তাণ্ডৱ আজিও অব্যাহত আছে।

উল্লেখযোগ্য যে নদীখনৰ সংহাৰী বানে সৃষ্টি কৰা নাওবৈচাৰ বান পৰিস্থিতি দেওবাৰে দিনৰ ভাগত অলপ কমিছিল যদিও নিশাৰ ভাগত অৰুণাচল পাহাৰত হোৱা প্ৰবল বৰষুণৰ ফলত পুনৰ সংহাৰী ৰূপ লয় শিঙৰা নদীয়ে।

আনহাতে আজিও ১৫ নং সমষ্টিৰ ঘাইপথৰ ওপৰেদি নাওবৈচা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত পানী বাগিৰ থকাত যাতায়াতৰ ক্ষেত্ৰত স্থানীয় ৰাইজ বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে।

উল্লেখযোগ্য যে যোৱা ২৮ জুনত শিঙাৰ নদীৰ বানে এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰি দলহাট ফুলবাৰী সংযোগী দলহাট তিনিআলিৰ সমীপত প্ৰায় ১০০ মিটাৰ বিচ্ছিন্ন কৰি নিয়াৰ পিছত শিঙৰা নদীখনে পূৰ্বৰ গতিপথ সলনি কৰি পথৰ বওপৰেৰে ব’বলৈ লয়। ফলত ১৫ খনৰো অধিক গাঁৱৰ সহস্ৰাধিক লোকৰ বহু ক্ষতিসাধন হৈছিল।

ইফালে কালি শিঙৰা নদীক পূৰ্বৰ গতিপথেৰে বোৱাই নিয়াবৰ বাবে লখিমপুৰ জিলা উপায়ুক্তৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াৰ নিৰ্দেশত নদীৰ চেনেল কটাৰ বাবে দুখন ফকলেন্ত ব্যৱহাৰ কৰাৰ উপৰি বাঁহৰ গোঁজেৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বোৱা নদীৰ গতি ৰোধৰ বাবে চেষ্টা চলাইছিল। কিন্তু নিশালৈ অহা শিঙৰা নদীৰ ঢলে প্ৰশাসনৰ গতি ৰোধৰ চেষ্টাক বিফল কৰি পুনৰ বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে আজিও প্ৰশাসনে গতি ৰোধৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে সক্ষম হোৱা নাই। আৰু শিঙৰা নদীৰ কোবাল সোঁতৰ ফলত দলহাট অঞ্চলটোৰ বহু পৰিয়াল জনমগ্ন হৈ পৰিছে।