NORTHEAST NOW (Assamese)
অসম

লখিমপুৰৰ কাকৈ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান : ১৮টা ঘৰ উচ্ছেদ

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 25, 2017 12:07 pm
লখিমপুৰৰ কাকৈ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান : ১৮টা ঘৰ উচ্ছেদ

লখিমপুৰ জিলা প্ৰশাসনে আজি কাকৈ সংৰক্ষিত বনাঞ্চলত ব্যাপক উচ্ছেদ অভিযান চলায়। জিলা প্ৰশাসনৰ এজন উচ্চপদস্থ বিষয়াই কয় যে বহু কেইবিঘা বন বিভাগৰ ভূমি বেদখলৰ পৰা মুক্ত কৰাৰ লগতে ১৮ টা ঘৰ ভঙা হয়। প্ৰায় ৩০০ মান মানুহ ইয়াৰ দ্বাৰা প্ৰভাৱিত হয় বুলিও তেওঁ কোৱাৰ লগতে গোটেই বনাঞ্চল বেদখলৰ পৰা সম্পূৰ্ণ মুক্ত নোহোৱালৈকে এই উচ্ছেদ অভিযান অব্যাহত থাকিব বুলিও কয়। বন বিভাগৰ দ্বাৰা পৰিচালিত এই উচ্ছেদ অভিযানটোত আৰক্ষী আৰু লখিমপুৰ জিলা প্ৰশাসনে সহযোগ কৰে। প্ৰশাসনে উচ্ছেদ অভিযানটো চলোৱাৰ পূৰ্বেই বেদখলকাৰীসকল পলাই যায় বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ৰাজ্যত বিজেপিৰ চৰকাৰ অহাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা নিৰ্দেশনাৰ ভিত্তিত কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু আমচাং বনাঞ্চলতো উচ্ছেদ চলোৱা হৈছিল। অৱশ্যে ন্যায়ালয়ৰ হস্তক্ষেপত আমচাঙৰ উচ্ছেদ অভিযান মাজতে বন্ধ ৰখা হৈছে।