NORTHEAST NOW (Assamese)

লছ এঞ্জেলছৰ চলচ্চিত্ৰ উৎসৱলৈ ‘শৈশৱতে ধেমালিতে’; অসমীয়া সাজেৰে উজলিব দীপান্বিতা

July 21, 2018 3:30 pm · এন ই নাও নিউজ
Updated: July 21, 2018 4:05 pm

লছ এঞ্জেলছৰ ‘লাভ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ (Love International film festival)ত প্ৰদৰ্শিত হ’ব বিদ্যুৎ কটকীৰ অসমীয়া চিনেমা ‘শৈশৱতে ধেমালিতে’ (ইংৰাজী নাম ‘Rainbow fields’)।

দীপান্বিতালৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন

অহা ২৪ৰ পৰা ২৭ জুলাইলেকে হ’বলগা মহোৎসৱখনত কেইবাটাও শিতানত মনোনয়ন লাভ কৰা চিনেমাখনত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন লাভ কৰিছে অসম-জীয়ৰী অভিনেত্ৰী তথা নামকৰা মডেল দিপান্বিতা শৰ্মাই। মহোৎসৱখনত অভিনেত্ৰীগৰাকীয়ে অসমীয়া মেখেলা চাদৰ পিন্ধিব বুলি ইণ্টাৰনেচনেল বিজিনেছ টাইমছক জনাইছে।

‘মোৰ মাতৃভাষা অসমীয়াত মই প্ৰথম অভিনয় কৰা চিনেমাখনেই আন্তঃৰাষ্ট্ৰীয় চিনেমা মহোৎসৱলৈ নিৰ্বাচিত হোৱাটোৱে ইয়াক মোৰ বাবে বিশেষ কৰি তুলিছে,’ শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন পাই উৎফুল্লিত শৰ্মাই ইণ্টাৰনেচনেল বিজিনেছ টাইমছক জনায়।

শিশু হিচাপে পৰিচালক কটকীয়ে অসম আন্দোলনৰ সময়ত ভোগা মানসিক যন্ত্ৰণাক আধাৰৰূপে লৈ নিৰ্মিত চিনেমাখনে শ্ৰেষ্ঠ চিনেমা, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ চিত্ৰনাট্য, শ্ৰেষ্ঠ অভিনেতা (নকুল ৱেইদ), শ্ৰেষ্ঠ অভিনেত্ৰী (দিপান্বিতা শৰ্মা), শ্ৰেষ্ঠ সহ অভিনেতা (ভিক্টৰ বেনাৰ্জী), শ্ৰেষ্ঠ দৃশ্যগ্ৰহণকাৰী (সত্য প্ৰকাশ ৰথ) আৰু শ্ৰেষ্ঠ সংগীত (অনুৰাগ শইকীয়া) শিতানত মুঠ ৮টা মনোনয়ন লাভ কৰিছে।

Related News