NORTHEAST NOW (Assamese)
অসম

লণ্ডনৰ প্ৰদৰ্শনীলৈ নিৰ্বাচিত নগাঁৱৰ ২৬ গৰাকী চিত্ৰ শিল্পী

Posted by: মিণ্টু দাস May 29, 2018 7:52 am

চিত্ৰকলাৰ প্ৰসাৰ আৰু প্ৰচাৰ তথা শিশুৰ বিকাশৰ সৈতে জড়িত বিভিন্ন কাৰ্যসূচী সম্পন্ন কৰা মুম্বাইৰ ‘সংস্কৃতি আৰ্ট গেলাৰী’ নামৰ এটি অনুষ্ঠানে অহা ২০ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে লণ্ডনত আয়োজন কৰা এখনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চিত্ৰকলা প্ৰদৰ্শনী।

আৰু এই চিত্ৰকলা প্ৰদৰ্শনীলৈ ভাৰতৰ বিভিন্ন স্থানৰ পৰা বাচি উলিওৱা ৬০ খন পেইণ্টিঙৰ মাজত স্থান পাইছে নগাঁৱৰ ”প্ৰদীপচ আৰ্ট এন ক্ৰাফ্ট”ৰ ২৬ জন প্ৰশিক্ষাৰ্থী তথা শিল্পীৰ চিত্ৰকৰ্মই।

অসমৰ আগশাৰীৰ চিত্ৰকলা প্ৰশিক্ষন প্ৰতিষ্ঠান ”প্ৰদীপচ আৰ্ট এন ক্ৰাফ্ট”ৰ উক্ত প্ৰশিক্ষাৰ্থী তথা চিত্ৰশিল্পীসকল হৈছে চৰ্চিতা শাণ্ডিল্য, কৃষাণু কাশ্যপ, কংকনা সোণোৱাল, দেবাংকুৰ শৰ্মা, তপস্যা গোহাঞি বৰুৱা, দিপান্বিতা মজুমদাৰ, ঋতিকা বনিক, ডৰথী শইকীয়া, প্ৰিয়ম পাল, দিক্ষিতা শাণ্ডিল্য, উদ্দিপ্তা বৰা, আৰ্কাশীষ শৰ্মা বৰদলৈ, নিবিড় শৰ্মা, অৰ্ণৱ পৰাশৰ, ৰংগন প্ৰতীক বৰা, ঋষিকান্ত নাহা, বৰ্ণালী মজুমদাৰ, পৰেশ তামুলী, ৰণাভ ৰৌশন বৰা, বিনিতা বৰা, মৃগাংক বেজবৰুৱা, অনুষ্কা দাস,  জুৰিখ মহন্ত, নেইল চিথৰ শইকীয়া, বিপাশা বৰদলৈ আৰু প্ৰদীপ মজুমদাৰ ৷