NORTHEAST NOW (Assamese)

লাহৰীঘাটৰ দুৰ্নীতিগ্ৰস্ত শিক্ষয়ত্ৰীৰ মইমতালিৰ বিৰুদ্ধে সৰৱ ৰাইজ: শিক্ষা মন্ত্রীৰ হস্তক্ষেপ দাবী

July 3, 2018 12:52 pm · জহিৰুল ইছলাম

দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ শিক্ষা বিভাগটোত একাংশ শিক্ষকে অৰাজকতা চলাই থকাৰ ৰাজহুৱা অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে ৷

উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত পূব চেতুৱাই খাইতি বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী গৰাকীৰ বিৰূদ্ধে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ধন আত্মসাৎ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক স্থানীয় ৰাইজে কেইবাবাৰো অভিযোগ দাখিল কৰিছিল ৷ অভিযোগ অনুসৰি বিদ্যালয়খনত থকা তিনি গৰাকী শিক্ষক- শিক্ষয়িত্ৰীৰ ভিতৰত প্ৰধান শিক্ষয়ত্ৰী গৰাকীয়ে মাজে সময়ে বিদ্যালয়ত উপস্থিত হয় যদিও বিভিন্ন অজুহাত দেখুৱাই পাঠদানৰ পৰা বিৰত থাকি নিৰ্ধাৰিত সময়ৰ আগতেই গুচি যায়।

স্থানীয় ৰাইজ তথা অভিভাৱক সকলে দিয়া অভিযোগ অনুসৰি, গুৰু-গোসাঁই নমনা এইগৰাকী প্ৰধান শিক্ষয়ত্ৰীয়ে বিভাগীয় কৰ্তৃপক্ষৰ পৰা পোৱা কঠোৰ নিৰ্দেশনাৰ পিছতো ষড়যন্ত্ৰমূলকভাৱে মনেসজা বিদ্যালয় পৰিচালনা সমিতি গঠন কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷

এই সন্দৰ্ভত একাংশ অভিভাৱক তথা স্থানীয় ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিও কোনো সুফল নোপোৱাত বিষয়টোক লা যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আশ্চৰ্য্যজনক বিষয় এয়ে যে মধ্যাহ্ন ভোজনৰ চাউলৰ পৰা আদি কৰি বিভাগীয় কাৰ্যালয়ৰ পৰা দিয়া সা-সামগ্ৰী সমূহ বিদ্যালয়ত নাৰাখি অবৈধভাৱে প্ৰধান শিক্ষয়ত্ৰীজনীৰ ঘৰত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷

আন এক অভিযোগ অনুসৰি বিদ্যালয় চৌহদত সুদীৰ্ঘ দিনৰ পৰা কৰি অহা খেতিৰ ফচলৰো নাই কোনো হিচাপ-নিকাচ। স্থানীয় ৰাইজ তথা অভিভাৱকসকলে শিক্ষয়ত্ৰীগৰাকীৰ এনে অনৈতিক কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দুৰ্নীতিৰ বিৰূদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা অসম চৰকাৰৰ শিক্ষা মন্ত্ৰীক অতি শীঘ্ৰে চেতুৱাই খাইতি বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী গৰাকীক বদলিৰ দাবী জনাইছে।

পৰিৱৰ্তনকামী চৰকাৰৰ নৱ নিযুক্ত শিক্ষা মন্ত্ৰীয়ে এইক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

 

Related News