শিৱসাগৰৰ দম্পতীৰ আত্মহত্যাৰ ঘটনা : ১ জুলাইৰ পৰা পাষাণ পুত্ৰই আত্মগোপন কৰিছিল ডিমৌস্থিত শহুৰেকৰ ঘৰত

শিৱসাগৰ চহৰৰ সাংস্কৃতিক কৰ্মী তথা একালৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰজনী খাৰঘৰীয়া আৰু তেওঁৰ পত্নী ৰুবী খাৰঘৰীয়াই নিজৰ একমাত্ৰ পুত্ৰ সন্তানৰ দ্বাৰা অৱহেলিত হৈ আত্মহননৰ পথ বাছি ল’ব লগীয়া হোৱা হৃদয়বিদাৰক ঘটনাটোৰ প্ৰতিক্ৰিয়া তথা চাঞ্চল্য এতিয়াও অব্যাহত আছে।
নিজ পিতৃ-মাতৃক অৱহেলা কৰা ক্ষেত্ৰত সম্পূৰ্ণৰূপে দায়ী পুত্ৰ দেৱাশীসৰ লগতে পত্নী গীতাশ্ৰী দুৱৰা খাৰঘৰীয়াও। দুৰ্ভগীয়া পিতৃ-মাতৃ হালৰ একমাত্ৰ পুত্ৰ দেৱাশীসৰ পত্নী ডিমৌৰ শিক্ষক তথা লাচিত নগৰ নিবাসী উষাধৰ দুৱৰাৰ জ্যেষ্ঠ কন্যা গীতাশ্ৰী দুৱৰা বুলি স্পষ্ট হোৱাত সম্প্ৰতি বিষয়টোক লৈ জনসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
পুত্ৰ-বোৱাৰীৰ চৰম অৱহেলাৰ বাবে আত্মহননৰ পথ বাছি লোৱা কাৰ্যৰ পাছতে অভিযুক্ত দেৱাশীস আৰু তেওঁৰ পত্নী গীতাশ্ৰীসহ ডিমৌ লাচিত নগৰ স্থিত শহুৰেক উষাধৰ দুৱৰাৰ ঘৰত ১ জুলাই সন্ধিয়াৰ পৰা আত্মগোপন কৰি আছিল।
আৰক্ষীয়ে চলোৱা ব্যাপক অভিযানৰ অন্তত সোমবাৰে বিয়লি ভাগত আৰক্ষীৰ এটা দলে অভিযুক্ত দেৱাশীস আৰু গীতাশ্ৰীক বিচাৰি উষাধৰ দুৱৰা আৰু তেওঁৰ পত্নী শিক্ষয়ত্ৰী বন্দনা দুৱৰাক সোধা-পোচা কৰাৰ লগতে অভিযুক্ত দ্বয়ৰ সন্ধানত তালাচী চলায়।
জানিব পৰা মতে আৰক্ষীয়ে দেখুওৱা তৎপৰতাৰ আগতীয়াকৈ উমান পাই উক্ত দম্পতিহালে সোমবাৰে দিনৰ ভাগতে খৰ খেদাকৈ বাসভৱনৰ পৰা পলায়ন কৰে।
সমগ্ৰ ৰাজ্য তথা শিৱসাগৰ জিলাক ব্যথিত কৰি তোলা এই কৰুণ ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে দিমৌবাসীয়ে অভিযুক্ত পুত্ৰ-বোৱাৰীক চূড়ান্ত ভাষাৰে ধিক্কাৰ দিয়াৰ লগতে অভিযুক্তক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়।