NORTHEAST NOW (Assamese)
অসম

কোভিড-১৯ নিয়ন্ত্ৰণৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কিম জং উনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 13, 2022 11:40 am

কোভিড-১৯ নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে উত্তৰ কোৰিয়াৰ শাসক কিম জং-উনে। কিমে ৱৰ্কাৰ্ছ দলৰ নেতাসকলৰ সৈতে সাক্ষাৎ কৰাৰ সময়ত সিদ্ধান্ত লয় যে এই ভাইৰাছটো নিয়ন্ত্ৰণ কৰিবলৈ অন্তিম পৰ্যায়ত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ বিকল্প নাই ।

কিমে সমগ্ৰ দেশতে কঠোৰ লকডাউন আৰোপ কৰাৰ বাবে নিৰ্দেশ দিছে। সেইদৰে  চিকিৎসা ব্যৱস্থাটো সাজু ৰখাৰ বাবে সতৰ্ক কৰি দিছে। উত্তৰ কোৰিয়াৰ সকলো লোকক গৃহবন্দী হৈ থাকিবলৈ কোৱা হৈছে।

ইপিনে, উত্তৰ কোৰিয়াত প্ৰথমবাৰ এজন ব্যক্তি কৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱাৰ কথা জানিবলৈ দিছে। ইয়াৰ পিছতে কিম জং-উনে দেশখনত লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰে। উত্তৰ কোৰিয়া চৰকাৰৰ স্থিতিৰ বাবেই ইমান দিন ধৰি কোনো লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱা নাছিল বুলি দাবী কৰা হয়।

বিশেষজ্ঞসকলে অৱশ্যে এই দাবীটোত সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে দেশখনে  তেওঁলোকৰ দাবীৰ পৰা আঁতৰি যোৱা নাই। উত্তৰ কোৰিয়াই তেওঁলোকৰ দেশত এটা মাত্ৰ অ’মিক্ৰন সংক্ৰমিত হোৱাৰ কথা স্বীকাৰ কৰিছে।

সংবাদ সংস্থা কেচিএনএ-য়ে জনায় যে উত্তৰ কোৰিয়াত দেশজুৰি লকডাউন ঘোষণা কৰা হৈছে। অ’মিক্ৰনটো পিয়ংইয়ং চহৰত পোৱা গৈছে। তেওঁ কেনেকৈ অ’মিক্ৰনৰ দ্বাৰা সংক্ৰমিত হৈছে সেয়া অৱশ্যে জনা নাযায়।

বাতৰিত কোৱা হৈছে যে উত্তৰ কোৰিয়াৰ জৰুৰীকালীন স্বাস্থ্য ব্যৱস্থাই যোৱা দুবছৰ ধৰি নিখুঁতভাৱে কাম কৰি আছে। কিন্তু এইবাৰ এজন ব্যক্তি কৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱা দেখা গৈছে। এইটো দেশখনৰ বাবে আটাইতকৈ ডাঙৰ ঘটনা।