NORTHEAST NOW (Assamese)
Popular Stories

ছনি টিভিয়ে বন্ধ কৰিব ‘দ্য কপিল শৰ্মা শ্ব’, আনিব নতুন হাঁহিৰ খোৰাক! কথাটোনো কি?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 13, 2022 12:38 pm

ছনি টিভিৰ জনপ্ৰিয় দ্য কপিল শৰ্মা শ্ব’ সম্পৰ্কত যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমত চৰ্চিত হৈ আছে। বাতৰি আহিছে যে ছনি টিভিয়ে কপিল শৰ্মাৰ অনুষ্ঠানটো বন্ধ কৰি এটা নতুন কমেডি শ্ব’ লৈ আনিছে।

একাংশই আনকি দাবী কৰিছে যে কপিলৰ সৈতে ছনিৰ সম্পৰ্কৰ অৱনতি ঘটিছে। ঠিক যেনেদৰে কালাৰ্ছৰ সৈতে ঘটিছিল। সেইকাৰণে অনুষ্ঠানটো কমেডি কিং কপিলৰ হাতৰ পৰা আঁতৰি গৈছে!

লগতে পঢ়ক: কোভিড-১৯ নিয়ন্ত্ৰণৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কিম জং উনৰ

কিন্তু প্ৰকৃত সত্যটো কি? ‘দ্য কপিল শৰ্মা শ্ব’ বন্ধ হ’ব সেই বাতৰিটো সম্পূৰ্ণ সত্য। কিন্তু বন্ধ হোৱা বুলি কোৱাতকৈ সাময়িক বিৰতি বুলিহে ক’ব পাৰি। কিয়নো ই বন্ধ হোৱা নাই। অহা ১২ জুনত এই চিজনৰ অন্তিম সম্প্ৰচাৰ হ’ব। তাৰ পিছত, ছনিয়ে ইয়াৰ ঠাইত ‘ইণ্ডিয়ান লাফটাৰ চেম্পিয়ন’ নামৰ আন এটা অনুষ্ঠান সম্প্ৰচাৰ কৰিব।

পিচে, এই সিদ্ধান্তটো কিয় লোৱা হ’ল! কপিল শৰ্মাই প্ৰায় এমাহৰ বাবে আমেৰিকালৈ যোৱাৰ কথা আছে। তেওঁ তাত কেইটামান অনুষ্ঠান কৰিব। নন্দিতা দাসৰ সৈতে এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বিষয়েও আলোচনা চলিছে। ইয়াৰ বাবে কপিলে একেবাৰে সময় নাপাব। সেয়ে ‘দ্য কপিল শৰ্মা শ্ব’ বন্ধ কৰা হৈছে যদিও  বছৰটোৰ শেষভাগত কপিল পুনৰ ঘূৰি আহিব।

উল্লেখ্য যে কপিলে ইয়াৰ আগতেও যোৱা বছৰ তেওঁৰ কন্যা সন্তান জন্ম হোৱাৰ সময়ত বিৰতিত আছিল। কপিলে তেওঁৰ পত্নী গিনি, কন্যা আনাইৰা আৰু পুত্ৰ তৃষাণক সময় দিয়াৰ সিদ্ধান্ত লৈছিল।

লগতে পঢ়ক: পেট্ৰ’ল-ডিজেলৰ দাম চৰা, সেয়ে বিয়া কৰাবলৈ ম’হৰ গাড়ীতে উঠি আহিল দৰা!

ইপিনে বাতৰি অনুসৰি, ‘ইণ্ডিয়ান লাফটাৰ চেম্পিয়ন’ৰ দৃশ্যগ্ৰহণ অহা ২৬ মে’ৰ পৰা আৰম্ভ হ’ব। জুনত ইয়াৰ সম্প্ৰচাৰ কৰা হ’ব। ইয়াতো অৰ্চনা পূৰ্ণ সিং বিচাৰকৰ আসনত থাকিব। অৰ্চনাৰ সৈতে থাকিব শেখৰ সুমন। অৱশ্যে, দৰ্শকসকলক হাঁহিৰ খোৰাক যোগাবলৈ অনুষ্ঠানটোত কোনে অংশগ্ৰহণ কৰিব সেয়া নিৰ্মাতাসকলে সদৰী কৰা নাই।