NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত পুনৰ সংঘটিত ডকাইতি কাণ্ড; আৰক্ষীৰ ভূমিকাক লৈ স্থানীয় ৰাইজৰ প্ৰশ্ন উত্থাপন

Posted by: কাজি জেইদুল ইছলাম July 3, 2018 11:36 am

বিশ্বনাথত সঘনাই ইটোৰ পিছত সংঘটিত হ’বলৈ ধৰিছে ডকাইতি কাণ্ড। মাত্ৰ কেইদিনমানৰ পূৰ্বে এটা পেট্ৰ’ল পাম্পট ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পিছতে সোমবাৰে নিশা পুনৰ বিশ্বনাথৰ আমবাৰীত এক ডকাইতি কাণ্ড সংঘটিত হয়।

উল্লেখযোগ্য যে সোমবাৰে নিশা বিশ্বনাথৰ পাভৈ ৰোডত থকা কিশোৰ ট্ৰেডিঙৰ পৰা দুজন য়ুৱকে পিষ্টল দেখুৱাই লুটি নিয়ে লক্ষাধিক টকাসহ লেপটপ আৰু অন্যান্য বহু সামগ্ৰী। জানিব পৰা মতে দোকান বন্ধ কৰাৰ সময়তে মটৰচাইকেলেৰে অহা দুই যুৱকে মাৰণাস্ত্ৰ দেখুৱাই এই ডকাইতি কাণ্ড সংঘটিত কৰে।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও ডকাইতি কাণ্ড সংঘটিত কৰি পলাতক অৱস্থাত থকা দুউ যুৱকৰ শুংসূত্ৰ উলিয়বলৈ সক্ষম হোৱা নাই। যাৰ বাবে স্থানীয় ৰাইজে আৰক্ষীৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।