NORTHEAST NOW (Assamese)
অসম

লেনিনৰ মূৰ্তি উচ্ছেদ প্ৰসংগ : মোহন ভাগৱত, নৰেন্দ্ৰ মোদী আৰু অমৃত শ্বাহক ভাৰতবাসীৰ ওচৰত ক্ষমা খুজিবলৈ আহ্বান কৃষক মুক্তিৰ

Posted by: এন ই নাও নিউজ March 6, 2018 9:35 pm
KMMS LoGO

ত্ৰিপুৰাত সদ্য সমাপ্ত নিৰ্বাচনত জয় লাভ কৰাৰ পিছতে চৰকাৰ গঠন হোৱাৰ পূৰ্বেই বিজেপিৰ কৰ্মীসকলে চূড়ান্ত ফেচিবাদী মানসিকতা প্ৰদৰ্শন কৰি ৰাজ্যখনত থকা লেনিনৰ এটা প্ৰতিমূৰ্তি ভঙা তথা উচ্ছেদ কৰা কাৰ্য্যই দেশ জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ মাজতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়াত প্ৰকাশ কৰিছে।

বিজেপিৰ কৰ্মীসকলৰ এই কাণ্ডক কৃষক মুক্তিয়ে তীব্ৰ গৰিহণা দিয়াৰ লগতে ইয়াৰ বাবে দেশবাসীৰ ওচৰত আৰ এছ এছ প্ৰধান মোহন ভাগৱত, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমৃত শ্বাহক ৰাজহুৱাভাৱে ক্ষমা খুজিবৰ বাবে আহ্বান জনাইছে।

উল্লেখযোগ্য যে ত্ৰিপুৰাত বিজেপিয়ে নিৰ্বাচনত জয় লাভ কৰাৰ দুদিন পিছতে প্ৰায় তালিবানী আচৰণেৰে বিজেপিৰ কৰ্মীসকলে ৰাজ্যখনত থকা লেনিনৰ মূৰ্তি ভাঙি পেলায়। তালিবানসকলে এসময়ত আফগানিস্তানত বৌদ্ধ মূৰ্তি ভঙাৰ সৈতে এই ঘটনাক তুলনা কৰিছে সচেতন লোকসকলে। আনকি ইয়াক গণতন্ত্ৰৰ ওপৰত আঘাত আখ্যা দিয়া দেখা গৈছে।

এইখিনিতে মনত পেলাব পাৰি যে ২০০১ চনত আফগানিস্তানত অসহিষ্ণুতাৰে তালিবানসকলে হাজাৰ বছৰীয়া বুদ্ধমূৰ্তি ভাঙি পেলাইছিল। সমগ্ৰ বিশ্বই এই দুৰ্ভাগ্যজনক ঘটনাৰ কঠোৰ গৰিহণা দিছিল।

কালি ঘটা ত্ৰিপুৰাৰ লেনিনৰ মূৰ্তি ভঙা ঘটনাটোৰো সমগ্ৰ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে। প্ৰায়বোৰ ৰাজনৈতিক বিশ্লেষকে ইয়াক চূড়ান্ত স্বৈৰাচাৰৰ নিদৰ্শন বুলি অভিহিত কৰিছে।

আজি এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, সভাপতি ৰাজু বৰা, ভাস্কো- ডি-শইকীয়া আৰু সাধাৰণ সম্পাদক ধৈয্য কোঁৱৰে দুখ প্ৰকাশ কৰে।

সংগঠনটোৰ নেতৃবৃন্দই এই কাৰ্য্যক চুলতান মামুদে ভাৰতত চলোৱা লুট-পাতৰ সৈতে তুলনা কৰে।

তেওঁলোকে কয় ‘গজনীৰ চুলতান মামুদে ভাৰতৰ সোমনাথ মন্দিৰত লুট-পাত চলোৱা, কালাপাহাৰে কামাখ্যা মন্দিৰ ধ্বংস কৰা এই ঘটনা সমূহৰ সৈতে ত্ৰিপুৰাৰ বিজেপি কৰ্মীয়ে লেনিনৰ মূৰ্তি ভঙাটো সম্পূৰ্ণ একে কথা।’

Statue of Lenin
ত্ৰিপুৰাত বিজেপি কৰ্মীয়ে লেনিনৰ মূৰ্তি ভাঙি পেলোৱাৰ দৃশ্য।

তদুপৰি নেতৃবৰ্গই চি পি আই এম কৰ্মীক আক্ৰমণ কৰা কাৰ্য্যক তালিবানী সন্ত্ৰাস আখ্যা দি কয়, ‘মুখত ক’লা কাপোৰ বন্ধা বিজেপি তথা আৰ এছ এছ ভক্তই বাওঁপন্থী কৰ্মীৰ ওপৰত আক্ৰমণ চলাই তথা চি পি আই এমৰ কাৰ্য্যালয় জ্বলাই দি বিশ্ব ইতিহাসত তালিবানৰ যি স্থান সেই স্থানেই ল’লে। ২০০১ চনত তালিবানে আফগানিস্তানত বৌদ্ধ মূৰ্তিসমূহ ভাঙি বিশ্বৰ মানুহক শংকিত কৰি তোলাৰ দৰে ২০১৮ চনত বিজেপি কৰ্মীয়ে কেমেৰাৰ সন্মুখত লেনিনৰ মূৰ্তি ভঙাটো তালিবানী সন্ত্ৰাসৰে ইংগিত বহন কৰিছে।’

আনহাতে দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ নামফলকত ক’লা ৰঙ সনাৰ প্ৰতিবাদত কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে ভুৱা গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰা বুলি সদৰী কৰি নেতৃবৃন্দই কয় ‘বিজেপি আৰ এছ এছ কৰ্মীৰ ওপৰত ত্ৰিপুৰা বিজেপি চৰকাৰে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব।’

লক্ষণীয়ভাবে সংগঠনটোৰ নেতৃবৰ্গই এই কাৰ্য্যৰ বাবে আৰ এছ এছ প্ৰধান মোহন ভাগৱত, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমৃত শ্বাহক ৰাজহুৱাভাৱে ভাৰতবাসীৰ সন্মুখত ক্ষমা খুজিবৰ বাবে আহ্বান জনোৱাৰ লগতে এই ঘটনাৰ সৈতে জড়িতসকলক চিনাক্ত কৰি উচিত শাস্তি প্ৰদানৰ বাবে দাবী জনায়।