দ্বিতীয় অন্তৱৰ্তীকালীন লাভ্যাংশ হিচাপে অসম চৰকাৰলৈ নুমলীগড় শোধনাগাৰৰ ৯৯.৯০ কোটি টকাৰ চেক

নুমলীগড় শোধনাগাৰ লিমিটেডে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আজি ৯৯.৯০ কোটি টকাৰ এখন চেক প্ৰদান কৰে।
কোম্পানীটোত ৰাজ্য চৰকাৰৰ ১২.৩৫ শতাংশ ইকুইটিৰ বিপৰীতে থকা দ্বিতীয় অন্তৱৰ্তীকালীন লাভ্যাংশৰ উক্ত ধন প্ৰদান কৰে।
আজি দিছপুৰস্থিত জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ কাৰ্যালয় কক্ষত নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই সৰ্বানন্দ সোণোৱালৰ হাতত চেকখন প্ৰদান কৰে বুলি ৰাজ্য চৰকাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰছ বিবৃতিত জনোৱা হয়।
এই লাভ্যাংশৰ জৰিয়তে ৰাজ্য চৰকাৰে প্ৰতিষ্ঠানটোৰ পৰা ২০১৭-১৮ বিত্তীয় বৰ্ষত অন্তৱৰ্তীকালীন লাভ্যাংশ হিচাপে ক মুঠ ১৪৫.৩১ কোটি টকা লাভ কৰিলে।
প্ৰতিষ্ঠানটোৰ পৰা চেক গ্ৰহণ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে শোধনাগাৰটোৱে প্ৰদান কৰা লাভ্যাংশই প্ৰতিষ্ঠানটোৰ সফল কাৰ্যকুশলতা প্ৰমাণ কৰাৰ লগতে ৰাজ্যৰ অৰ্থনীতিলৈ আগবঢ়োৱা বৰঙণিৰ ক্ষেত্ৰত কোম্পানীটোৱে এক উজ্জ্বল উদাহৰণ ধৰিছে।
বিবৃতিটোত লগতে কোৱা হয় যে,শোধনাগাৰটোৱে অনাগত দিনসমূহতো ইয়াৰ বিষয়া-কৰ্মচাৰীসকলৰ নিষ্ঠা আৰু কষ্ট সহিষ্ণুতাৰ জৰিয়তে অধিক কাৰ্যক্ষমতা দেখুৱাবলৈ সক্ষম হ’ব মুখ্য মন্ত্ৰীয়ে বুলি আশা প্ৰকাশ কৰে।