NORTHEAST NOW (Assamese)
অসম

আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খাৰুৱা তেলৰ দাম হ্ৰাস পোৱাৰ পাছতো গুৰুত্ব নাই মোদী চৰকাৰৰ : প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী May 4, 2022 3:57 pm

আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পাছতো ভাৰতত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস পোৱা নাই কিয়? ইয়াক লৈ ৰহস্যৰ গোন্ধ পাইছে প্ৰদেশ কংগ্ৰেছে।

প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ দিলীপ শৰ্মাই এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা ভিডিঅ’ত কয় “বিজেপি চৰকাৰৰ সপক্ষে যুক্তি দি একাংশই মূল্যবৃদ্ধিৰ ন্যায্যতা দিবলৈ উঠি-পৰি লাগিছে। আজিৰ তাৰিখত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ প্ৰতি বেৰেলৰ মূল্য যথেষ্ট নিম্নগামী হৈছে। যোৱা ২৭ এপ্ৰিলৰ পৰা এইটো নিম্নগামী হৈ এতিয়া প্ৰায় ৯৫.৬৭ ডলাৰলৈ হ্ৰাস পাইছে। যিসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ বাবে ভাৰততো মূল্যবৃদ্ধি হোৱা বুলি কৈছে এইটো গোকাট মিছা কথা।“

আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত পেট্ৰ’ল ডিজেলৰ মূল্য হ্ৰাস পাওঁতে কেন্দ্ৰীয় চৰকাৰখনৰ মূল্য হ্ৰাস কৰাতো দায়িত্ব আছিল নে নাই বুলি প্ৰশ্ন কৰি শৰ্মাই লগতে কয় “লক্ষ্য কৰিলে দেখা যাব যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে পেট্ৰ’ল-ডিজেলত কিমান শুল্ক লগাই থৈছে? ৰাজ্য চৰকাৰে কিমান ভেট লগাই থৈছে? এইবোৰৰ উপৰিও অন্যান্য কৰ লগ লগাই পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছে। আজিৰ তাৰিখত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল মূল্য (Base Price) ৩৯.০৪ টকা। পৰিশোধন তথা পৰিবহন ব্যয় লগ লগাই ৪৮.২৮ টকা প্ৰতি লিটাৰ পেট্ৰ’লত হয়গৈ। কেন্দ্ৰীয় আবকাৰী শুল্ক ভাৰত চৰকাৰে ২৭ শতাংশ (৩২ টকা) লোৱাৰ উপৰিও ৰাজ্য চৰকাৰৰ ভেট, উপকৰ আৰু ডিলাৰৰ কমিছন আছেই। এইবোৰ মিলাই মেলি অসমত প্ৰায় ১০৬ টকাত পেট্ৰল বিক্ৰী কৰা হৈছে”।

পেট্ৰ’ল-ডিজেলৰ ওপৰত ইমানখিনি কৰ লগাই থোৱা চৰকাৰখনে পুঁজিপতি গোষ্ঠীৰ কৰ ৰেহাই দিছে বুলি দাবী কৰি শৰ্মাই লগতে কয় “পুঁজিপতিসকলৰ পৰা কৰ্পোৰেট টেক্সৰ পৰিমাণ হ্ৰাস কৰিলে মোদী চৰকাৰে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ৩৬ শতাংশ কৰ্পোৰেট টেক্স আছিল যদিও ২০১৪ চনত মোদী চৰকাৰ শাসনলৈ আহি ইয়াৰ পৰিমাণ ২৪.৭ শতাংশলৈ হ্ৰাস কৰিলে। যাৰ ফলত আম্বানী-আদানীৰ দৰে ব্যৱসায়ীয়ে ভাৰতত দ্ৰুতগতিত উন্নতি সাধন কৰিছে। কিন্তু তাৰ বিপৰীতে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত সাধাৰণ, মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত মানুহ হাৰাশাস্তিৰ সন্মুখীন হৈছে।“
“এই কথাখিনি ক’বলৈ গ’লে একাংশই চৰকাৰখনৰ পক্ষত ৰাওচি জুৰিবলৈ আৰম্ভ কৰে”। শৰ্মাই লগতে কয়।

ইপিনে, ২০০৮ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম ১৩৯.১০ ডলাৰ হৈ থাকোতে ভাৰতত পেট্ৰ’লৰ দাম ৪৫-৪৬ টকা প্ৰতি লিটাৰত আছিল বুলি দাবী কৰে শৰ্মাই। ইয়াৰোপৰি, ২০১২ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম ১১০ ডলাৰ হওঁতে ড০ মনমোহন সিঙ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ৭৩.১৮ টকালৈ বৃদ্ধি কৰিছিল বুলি সদৰী কৰে শৰ্মাই।

পেট্ৰ’লৰ দাম ৭৩.১৮ টকালৈ বৃদ্ধি পোৱাৰ সময়তে তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশজুৰি পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছিল বুলি উল্লেখ কৰে দিলীপ শৰ্মাই।

“আজি নৰেন্দ্ৰ মোদী নিজে দেশৰ প্ৰধান মন্ত্ৰী হৈয়ো আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খাৰুৱা তেলৰ মূল্য নিম্নগামী হোৱাৰ পাছতো দেশত পেট্ৰ’ল-ডিজেলৰ দাম নিয়ন্ত্ৰণত গুৰুত্ব আৰোপ কৰা নাই”। প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি শৰ্মাই এইদৰে কয়।