NORTHEAST NOW (Assamese)
অসম

সুবিধাবাদী চৰিত্ৰ; নাগৰিকত্ব (সংশোধনী) আইনৰ পৰা অসমক ৰেহাইৰ দাবীৰে ৰাষ্ট্ৰপতিলৈ অগপৰ পত্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 16, 2019 7:01 pm
AGP

অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ প্ৰতিখন জিলা সমিতিৰ লগতে অগপৰ বোকাখাত জিলা সমিতিয়েও আজি নাগৰিকত্ব (সংশোধনী) আইনৰ আওতাৰ পৰা অসমক ৰেহাই দিয়াৰ দাবীৰে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

অসম গণ পৰিষদ দলৰ বোকাখাত জিলা সমিতিৰ সভাপতি জগত কলিতা আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জীবেশ্বৰ বৰা, চন্দ্ৰ শৰ্মা আৰু যতীন নাথৰ নেতৃত্বত দলটোৰ শতাধিক সদস্যই বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামৰ হাতত ৰাষ্ট্ৰপতিলৈ বুলি স্মাৰক পত্ৰ প্ৰদান কৰে ৷

নাগৰিকত্ব (সংশোধনী) আইনৰ পৰা অসমক আঁতৰাই ৰখা, সংবিধানিক নিৰাপত্তা প্ৰদানৰ বাবে অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰীকৰণ, ৰাজ্যৰ ভূমি নীতি আৰু ভাষিক  সুৰক্ষাৰ ব্যৱস্থা, ছয় জনগোষ্ঠীৰ জনজাতীয়কৰণৰ দাবীৰে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এই স্মাৰক পত্ৰ প্ৰেৰণ কৰে অসম গণ পৰিষদ দলে ৷

দৈনিক জনমভূমিত প্ৰকাশিত এটা প্ৰাসংগিক কাৰ্টুন

দলৰ জিলা সভাপতি জগত কলিতাই জনোৱা মতে নাগৰিকত্ব (সংশোধনী) আইন অসমৰ বাহিৰে দেশৰ অন্য ৰাজ্যত প্ৰয়োগ হোৱাটো অগপই বিচাৰিছে ৷

আনহাতে, অগপৰ এই সিদ্ধান্তৰ পাছতে দলটোৰ কাৰ্য্যক লৈ বিভিন্ন মাধ্যমত তীব্ৰ সমালোচনাৰ জোৱাৰ উঠিছে।

নাগৰিকত্ব সংশোধনী বিধেয়কখন সদনত উত্থাপন হোৱাৰ সময়ত অগপই ইয়াৰ বিৰোধিতা কৰা নাছিল আৰু ৰাজ্যসভাত অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই বিধেয়কখনৰ সমৰ্থনত ভোট দানো কৰিছিল।