NORTHEAST NOW (Assamese)
অসম

উন্নয়নমূলক আঁচনি সম্পৰ্কত বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াৰ সৈতে মুখ্য মন্ত্ৰীৰ বৈঠক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 16, 2019 6:28 pm
CM directs for new set of Building Bye-Laws within October 31

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৌৰাহিত্যত আজি জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত হয়।

বৈঠকত বাজেট ব্যয়, প্ৰধান মন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), প্ৰধান মন্ত্ৰী আৱাস যোজনা (নগৰ)কে ধৰি বিভিন্ন উন্নয়নমূলক আঁচনি সম্পৰ্কত বিতংভাৱে আলোচনা কৰা হয়।

আলোচনাকালত সোণোৱালে প্ৰতিটো বিভাগৰ শীৰ্ষ বিষয়াসকলক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগৰ ক্ষেত্ৰত শীঘ্ৰে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

বৈঠকত বিত্ত বিভাগৰ প্ৰধান সচিবগৰাকীয়ে বাজেট ব্যয়, ব্যৱহাৰিক প্ৰমাণ পত্ৰ ইত্যাদি ইত্যাদি বিষয় সমূহ মুখ্য মন্ত্ৰীক অৱগত কৰে। আনহাতে সংখ্যালঘু এলেকাত আৱাসিক বিদ্যালয় স্থাপনৰ বিষয়টোও বৈঠকত আলোচনা কৰা হয়।

ইতিমধ্যে ১৫খন এনেকুৱা বিদ্যালয় স্থাপনৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ৰ কাম-কাজ আৰম্ভ কৰা হৈছে বুলি সংখ্যালঘু উন্নয়ন বিভাগৰ সচিবে।

ইয়াৰ উপৰি প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিখন ৰূপায়ণ সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত মুখ্য মন্ত্ৰীয়ে জিলা আৰু মহকুমা পৰ্যায়ৰ বিষয়াসকলে তলতীয়া কৰ্মচাৰীসকলৰ লগত উন্নয়নমূলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সঘনে আলোচনাত মিলিত হোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

আজিৰ এই বৈঠকত আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব আলোক কুমাৰ, অতিৰিক্ত মুখ্য সচিবসকল, বিভিন্ন বিভাগৰ প্ৰধান সচিব, আয়ুক্ত সচিব, সচিবসকলে অংশ লয়।