NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চামগুৰিত ৫টা সংগঠনৰ যৌথ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ June 26, 2018 9:29 pm
Citizenship ammendment Bill

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত নগাঁও জিলাৰ চামগুৰিত আজি পাঁচটাকৈ সংগঠনে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

বিজেপি চৰকাৰ হায় হায়, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী হায় হায়,মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল হায় হায়, আৰ এছ এছৰ শ্ৰুতলিপি নচলিব আদি শ্লো’গানেৰে চামগুৰি ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত পাঁচটাকৈ সংগঠন ক্ৰমে কৃষক শ্ৰমিক উন্নয়ন পৰিষদ, অসম জাতীয়তাবাদী উন্নয়ন পৰিষদ, গৰিয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদ, অনুসূচিত জাতি ছাত্ৰ সন্থা, অসম আৰু আদিবাসী জাতীয় মহাসংঘই আকাশ বতাহ কঁপাই তোলে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশলৈ অসম জাতীয়তাবাদী উন্নয়ন পৰিষদৰ সম্পাদক দীপক দাস কয় যে জাতি-মাটিৰ কথা কৈ দিছপুৰৰ গাদী দখল কৰা বিজেপি দল আৰু মিত্ৰজোঁট চৰকাৰখনে ক্ৰমাগত ভাৱে জনবিৰোধী কামত লিপ্ত হোৱা পৰিলক্ষিত হৈছে ৷

বিজেপিৰ চৰকাৰ আহিলে বাংলাদেশীয়ে টোপোলা বান্ধিব লাগিব বুলি কোৱা এই চৰকাৰখনে বিদেশীক ৰঙা দলিচা পাৰি দিয়াৰ ব্যৱস্থা কৰিছে বুলি কৈ দাসে লগতে কয় যে অসমীয়া জাতিৰ বাবে এইয়া এক ভয়াবহ ইংগিত। এই জনস্বাৰ্থ বিৰোধি বিধেয়কখন গৃহীত হ’লে অসমীয়াৰ পৰিচয় অস্তিত্বহীন হৈ পৰিব বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে, সদৌ অসম গৰিয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ সম্পাদক মইনুল হকে দুমুখীয়া স্থিতি গ্ৰহণ কৰা কংগ্ৰেছ দলকো কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয় যে, মনমোহন সিঙৰ চৰকাৰৰ কাৰ্যকালত বিধেয়কখন গৃহীত কৰাৰ বাবে উত্থাপন কৰা হৈছিল। কংগ্ৰেছৰ দুমুখীয়া নীতি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় তেওঁ কয় যে, বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত কংগ্ৰেছৰ স্থিতি সম্পূৰ্ণ বিপৰীত।

বঙালী সকলৰ ভোট বেংক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত কংগ্ৰেছে ভিতৰি ভিতৰি গৌতম ৰয়, সুস্মিতা দেৱ, কমলাক্ষ দে, অৰ্ধেন্দু দে আদিক বিধেয়কখন সমৰ্থন কৰিবলৈ নিৰ্দেশনা দিছে আৰু আনফালে বিৰোধিতাও কৰিছে বুলি তেওঁ এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ৷

সভাত কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই ৰাজনীতিৰ উৰ্দ্ধত থাকি সকলোকে উক্ত বিধেয়কৰ বিৰুদ্ধে প্ৰৱল জনমত গঢ়ি তুলিবলৈ আহ্বান জনায় ৷

অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নিত্যানন্দ দাসে নাগৰিকত্ব বিধেয়ক বাতিল নকৰা পৰ্য্যন্ত গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব বুলি উল্লেখ কৰাৰ পিছতে আদিবাসী জাতীয় মহাসংঘৰ সভাপতি বিৰেণ মিৰ্ধাই চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি অনাগত দিনত ৰাজ্যৰ প্ৰতিটো ৰাজহ চক্ৰৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী পালন কৰি যাব বুলি নিজৰ ব্যক্তব্যত উল্লেখ কৰে ৷

ইয়াৰ পিছত সংগঠন কেইটাৰ নেত্ৰী বৃন্দই চামগুৰি ৰাজ চক্ৰৰ চক্ৰ বিষয়া সঞ্জীৱ দলৈৰ জৰিয়তে সাংসদীয় সমিতিৰ অধ্যক্ষলৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।