NORTHEAST NOW (Assamese)
অসম

আলফা (স্বাধীন)ৰ সৈতে জড়িত থকাৰ সন্দেহ: গুৱাহাটীত তিনিজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 19, 2023 5:49 pm
ULFA-I

নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বাধীন)ৰ শেহতীয়া উত্থানক লৈ চিন্তিত হৈ পৰিছে ৰাজ্যৰ গৃহ বিভাগ। উজনিৰ কেইবাটাও স্থানত শেহতীয়াকৈ সংগঠনটোৰ কাৰ্যকলাপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

তেনে সময়তে সংগঠনটোৰ সৈতে জড়িত থকাৰ অভিযোগত গুৱাহাটীত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

প্ৰকাশিত খবৰ অনুসৰি, মহানগৰীৰ মালিগাঁও অঞ্চলৰ পৰা তিনিও অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, মালিগাঁৱৰ বিবিচি কলনীত তিনিজন সন্দেহজনক লোকৰ উপস্থিতিৰ বিষয়ে আৰক্ষীয়ে তথ্য লাভ কৰিছিল।

এই তথ্যৰ ভিত্তিত আৰক্ষীয়ে অঞ্চলটোত অভিযান চলায় আৰু সন্দেহজনক এই তিনি ব্যক্তিৰ সন্ধান উলিয়াই গ্ৰেপ্তাৰ কৰে।

তিনিও অভিযুক্তৰ লগত পিষ্টল আৰু কিছু বাৰুদ উদ্ধাৰ কৰা বুলি সদৰী কৰিছে আৰক্ষীয়ে। ধৃত তিনি ব্যক্তিক অসীম অধিকাৰী, মুন দেবনাথ, ৰূপজ্যোতি দাস বুলি চিনাক্ত কৰা হৈছে।

ইয়াৰে অসীম অধিকাৰী আলফা (স্বাধীন)ৰ ঘনিষ্ঠ বুলি অভিযোগ উত্থাপন হৈছে। কেইবামাহো ধৰি গুৱাহাটীত বসবাস কৰা অসীমে পেছাত কম্পিউটাৰ অপাৰেটৰ বুলি নিজকে দাবী কৰে।

আলফা (স্বাধীন)ৰ কেডাৰ নিযুক্তিৰ ক্ষেত্ৰতো তেওঁ জড়িত বুলি অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে এই বিষয়ত তদন্ত আৰম্ভ কৰা হৈছে বুলি সদৰী কৰে আৰক্ষীয়ে।