NORTHEAST NOW (Assamese)
Popular Stories

অক্ষয় কুমাৰৰ শাহুৱেক ডিম্পলৰ সৈতে ছানী দেউলৰ প্ৰেম! মুম্বাই স্বাস্থ্য কেন্দ্ৰত উদ্ধাৰ প্ৰমাণ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 19, 2023 6:12 pm

বলিউডৰ গৰম খবৰ। এসময়ত ধৰ্মেন্দ্ৰৰ বৰপুত্ৰৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল অক্ষয় কুমাৰৰ শাহুৱেক ডিম্পল কাপাডিয়াৰ। কিন্তু ডিম্পল কাপাডিয়াৰ বিয়া হৈছিল ৰাজেশ খান্নাৰ লগত। আনহাতে সেই সময়তে বিবাহপাশত আৱদ্ধ হৈছিল ছানী দেউলো।

অৱশে বিবাহৰ পিছতো সম্পৰ্ক ছেদ হোৱা নাছিল ডিম্পলছানীৰ। দুটা সন্তানৰ মাতৃ হৈও ছানীৰে সম্পৰ্ক ৰক্ষা কৰিছিল ডিম্পল কাপাডিয়াই।

বিবাহৰ পিছত ছানীৰে সৈতে থকা সম্পৰ্কৰ কথা গম পাইছিল ডিম্পলৰ স্বামী ৰাজেশ খান্নাই। বিবাহ বৰ্হিভূত সম্পৰ্কত থকাৰ বাবেই ডিম্পলক বিবাহ বিচ্ছেদ দিছিল ৰাজেশ খান্নাই।

ইফালে ডিম্পলৰ সৈতে থকা সম্পৰ্কৰ বাবে ছানীৰ পৰা আঁতৰি যাব খুজিছিল ছানীৰ পত্নীয়ে। লাহে লাহে ছানীৰ লগত ডিম্পলৰ সম্পৰ্কৰ অৱসান ঘটিল বুলি সকলোৱে ভাবিছিল যদিও শেহতীয়া পোহৰলৈ আহিছে আন এক খবৰ।

উল্লেখ্য যে ১৯৮৪ চনত ‘মঞ্জিল মঞ্জিল’ ছবিত একেলগে অভিনয় কৰিছিল ছানীডিম্পলে। তাৰ পিছত ‘অৰ্জুন’, ‘আগ কা গোলা’, ‘নৰসিং’ আদি ছবিতো দেখা গৈছিল ডিম্পলছানীৰ যুটি।

শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে এখন ছবি। মুম্বাইৰ এটা স্বাস্থ্য কেন্দ্ৰত ডিম্পল আৰু ছানীক হাতত ধৰি বহি থকা দেখা গৈছে। এই ছবিখনৰ পৰা এটা কথা পৰিস্ফুট হৈ পৰিছে যে এতিয়াও অন্ত পৰা নাই ডিম্পল কাপাডিয়া আৰু ছানী দেউলৰ সম্পৰ্ক। ইতিমধ্যে এই ছবিখনে যথেষ্ট চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।

উল্লেখ্য যে ডিম্পল কাপাডিয়াৰ কন্যা টুইংকল খান্নাক বিয়া কৰাইছে বলিউডৰ ছুপাৰষ্টাৰ অক্ষম কুমাৰে।