NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত আৰক্ষীৰ অভিযানত অবৈধ অস্ত্ৰ আৰু জাল টকা সহ দুজন লোক আটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 17, 2020 11:59 am

কোকৰাঝাৰ আৰক্ষীয়ে কোকৰাঝাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ আৱাসিক চৌহদৰ পৰা দুগৰাকী লোকক জাল টকা আৰু অবৈধ অস্ত্ৰৰ সৈতে আটক কৰে।

আটক হোৱা লোক দুগৰাকী নমলেশ দৈমাৰী আৰু দিগম্বৰ গয়াৰী বুলি চিনাক্ত কৰা হৈছে।

কোকৰাঝাৰ সদৰ আৰক্ষী চকীৰ অধীক্ষক বিনন্দ বসুমতাৰীয়ে সাংবাদিকৰ আগত জনোৱা মতে তেওঁলোকে জাল টকা আৰু অবৈধ অস্ত্ৰৰ বিষয়ে গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰিছিল।

আৰু সেই খবৰৰ ভিত্তিত অভিযান চলাই তেওঁলোকে কেন্দ্ৰীয় বিদ্যালয়ৰ আৱাসিক চৌহদৰ পৰা লোক দুজনৰ লগতে অবৈধ অস্ত্ৰখিনি আৰু জাল টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে অভিযান কালত ৩ ৰাউণ্ড গুলিৰে সৈতে এটা .২২ পিষ্টলৰ লগতে দুটা মোবাইল ফোন আৰু চিম কাৰ্ড জব্দ কৰিবলৈ সক্ষম হয়।

আনহাতে, আৰক্ষীৰ দলটোৱে আটকাধীন লোক দুজনৰ পৰা ৫ লাখ টকাৰ জাল টকাও জব্দ কৰিবলৈ সক্ষম হয়।